বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বাতাবাৰী নাৰিকল উদ্যান চৌহদত আজি ভাৰত চৰকাৰৰ নাৰিকল উন্নয়ণ বোৰ্ডৰ উদ্যোগত নাৰিকল মেলা অনুষ্ঠিত হৈ যায় । ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত ৪০ হেক্টৰ ভূমি সামৰি গঢ়ি তোলা উদ্যানখনত অনুষ্ঠিত নাৰিকল মেলাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সৰ্বভাৰতীয় নাৰিকল উন্নয়ণ বোৰ্ডৰ অধ্যক্ষ হনুমন্ত গৌৰা আৰু মুখ্য অতিথি হিচাপে উপস্থিত থকা উত্তৰ শালমাৰাৰ কাৰ্যবাহী দণ্ডাধীশ আশিষ কলিতাই । নাৰিকল উদ্যানখনৰ সহকাৰী সঞ্চালক বিলকিচ দান বৰাই আঁত ধৰা অনুষ্ঠানটোত শতাধিক কৃষকৰ উপস্থিতিত আৰু নাৰিকল উন্নয়ণ বোৰ্ডৰ ৰাজ্যিক সঞ্চালক ,বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী গৌৰাংগ দাস,নাৰিকল প্ৰচিচিং চছাইটিৰ সভাপতি বলোৰাম দত্ত আদিয়ে উপস্থিত থকা মেলাখনত কৃষকসকলক নাৰিকল উন্নয়ণ বোৰ্ডৰ সকলোবোৰ আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ কয় । তেওঁ আৰু ভাষণ প্ৰসংগত কয় যে সেমেকা জলবায়ু আৰু প্ৰচুৰ বৰষুণৰ বাবে অসমৰ ভূমি নাৰিকল খেতিৰ বাবে উপযোগী বুলি মন্তব্য কৰি এজোপা নাৰিকল গছৰ পৰা ৭০ ৰ পৰা ৮০ টা পৰ্যন্ত নাৰিকল পাব পাৰি বুলি মন্তব্য কৰে । নাৰিকল মেলাখনত বিভিন্ন প্ৰজাতিৰ নাৰিকল ,নাৰিকলৰ কোৰোকা ,গা-গছৰ পৰা উৎপাদিত সামগ্ৰী আদিৰো প্ৰদৰ্শন কৰাৰ লগতে নাৰিকল গছ ৰোপন ,লালন-পালন আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ উপৰি বানিজ্যিক দিশটোও আলোচনা কৰে ।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী