বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত অংশ ল’বলৈ শনিবাৰে জাপানৰ টকিঅ’ অভিমুখে ৰাওনা হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই৷ ভাৰতীয় দলৰ আন সদস্যসকলৰ সৈতে তেওঁ নতুন দিল্লীৰ পৰা শনিবাৰে নিশা টকিঅ’লৈ উৰা মাৰে৷কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে বিমান বন্দৰত উপস্থিত থাকি ভাৰতীয় এথলীটৰ দলটোক শুভেচ্ছা জনায়৷ ইফালে লাভলীনাৰ লগতে টকিঅ’গামী ভাৰতীয় এথলীটসকলক উৎসাহিত কৰিবলৈ অসম অলিম্পিক সন্থাই কালি আৰ জি বৰুৱা ক্রীড়া প্রকল্পত এক অনুষ্ঠানৰ আয়োজন কৰে৷ ‘গুড লাক লাভলীনা, গুড লাক টীম ইণ্ডিয়া’ নামৰ এই অনুষ্ঠানত মিথু বৰুৱা, কল্পনা চৌধুৰী, পৰাগ দাস, টানিয়া চৌধুৰী, অন্যতম ৰাজকোঁৱৰ, এলভিছ আলী হাজৰিকাৰ দৰে কেইবাগৰাকীও প্রাক্তন খেলুৱৈৰ লগতে এডভেন্সাৰ ট্যুৰ অপাৰেটৰ অৱ অৰুণাচলৰ সভাপতি শ্বেৰিং ৱাংগে উপস্থিত থাকে৷ লাভলীনাক শুভেচ্ছা জনাবলৈ এই অনুষ্ঠানতে এক স্বাক্ষৰ অভিযান মুকলি কৰা হয়৷উল্লেখ্য যে প্রতিভাৱান বক্সাৰ লাভলীনা হ’ল অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ৷
Trending
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা
- গোলাই চোৰ ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত শৃংখলাবদ্ধভাবে সমূহীয়া মৎস চিকাৰৰ প্ৰস্তুতি
- অসম আৰক্ষীৰ মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সাহসী বঁটা প্ৰদান
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ২০২৪ সেৱা কাৰ্যসূচীৰ সামৰণি
- ধুবুৰীৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী হাজৰীকাৰ, জৰুৰীকালীন খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ আশ্বাস
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মধ্য, দক্ষিণ, দক্ষিণ-পূব এছিয়াৰ আন্তর্জাতিক সম্মিলনৰ আয়োজন