ঢকুৱাখনাবাসীৰ এটা পুৰণি সপোন বাস্তৱ হোৱাৰ দিশে

0 225

লখিমপুৰ জিলা সদৰবাসীৰ লগতে  ঢকুৱাখনাবাসীৰ এটা পুৰণি সপোন কলীয়া সপোন বাস্তৱৰ দিশে আগবাঢিছে।  জিলাবাসীক
সুদীর্ঘ ৭ দশক  কাল ধৰি কোঙা কৰি অহা   জটিল অভাৱ সমস্যা এটাৰ  স্থায়ী সমাধানৰ হেতু বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে  ।  ঢকুৱাখনা মহকুমাৰ  আৰ্থ সামাজিক উৎকৰ্ষ সাধনত প্ৰভূত অৱদান আগবঢ়াব পৰা এই  বহু প্ৰত্যাশিত সমস্যাটোৱে বিগত কেইবা দশক ধৰি হাৰাশাস্তি কৰি আহিছিল । পিছে অনাগত সময়ত এনে অবৰ্ণনীয় দুৰ্ভোগ হয়তু ভূগিব নালাগিব ঢকুৱাখনীয়াই।   মহকুমাটোৰ বিভিন্ন অৰাজনৈতিক, ৰাজনৈতিক আৰু সামাজিক সংগঠনে বিগত প্ৰায় দুটা দশক ধৰি  ৰাজ্য চৰকাৰ , জনপ্ৰতিনিধিক সন্ধালনী ভাবে দাবী জনাই অহা  ঢকুৱাখনা আৰু লখিমপুৰ জিলা সদৰ সংযোগী ( সোৱণশিৰী ঘাগৰহৈ )   ঘূণাসুঁতি গড়কাপ্তানী পথটো অস্তিত্বহীন অৱস্থাৰ পৰা পুনৰুদ্ধাৰ কৰি  দ্বৈত ৰাজ্যিক পথলৈ উন্নীত কৰনেৰে যাতায়তৰ উপযোগী কৰি নিৰ্মাণ কৰাৰ দাবী অৱশেষত কাৰ্যকৰী হোৱাৰ পথত । ঢকুৱাখনা মহকুমাৰ ৰাইজ,  আৰু বিভিন্ন দল, সংগঠনৰ প্ৰতিখন  সভাই সমিতিয়ে উত্থাপিত হৈ অহা এই অতি জৰুৰী বিবেচিত পথ নিৰ্মান সন্দৰ্ভত দফে বিদফে জনাই অহা দাবী  আৰু দাখিল কৰি অহা স্মাৰক পত্ৰই অৱশেষত  দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ`ল ৰজাঘৰৰ।  গড়কাপ্তানী পথৰ নামত  মৰণ ফাণ্ড সদৃশ অৱস্থাৰ ৰূপ লোৱা এই জৰাজীৰ্ণ   ঢকুৱাখনা ঘূণাসুঁতিহৈ লখিমপুৰ সংযোগী গড়কাপ্তানী পথটোৰ স্থায়ী নিৰ্মাণৰ বাবে  অৱশেষত বিশেষ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী তথা গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।  ঢকুৱাখনাবাসীয়ে এই বিপদ সংকুল  পথৰে যাতায়ত কৰি  দশক দশক ধৰি ভোগ কৰি অহা জটিল সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাত এই জটিল সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী তথা গড়কাপ্তানী মন্ত্ৰী গৰাকীয়ে  চলিত বাজেটত  ধার্য কৰিছে প্ৰায় ৯০০ কোটি টকা ।অসম মালা আঁচনিৰ অধীনত এই পুঁজি আৱন্তনৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন বাজেটত গ্ৰহণ কৰি ঢকুৱাখনাবাসীৰ কৌটি কলীয়া সপোনটো বাস্তৱ ৰূপ দিয়াৰ পৰিকল্পনা কৰাত উৎফুল্লিত ঢকুৱাখনাবাসী।  মাত্ৰ ৩৫ কিলোমিটাৰ পথ  অতিক্ৰম কৰি যি পথেৰে লখিমপুৰ জিলা সদৰত উপস্থিত হ`ব পাৰি তাৰ বিপৰীতে অতিৰিক্ত সময় আৰু ধন ভাঙি জিলা সদৰলৈ ঢকুৱাখনাবাসী যাত্ৰা কৰিব লগা হৈ আহিছে ৭৫ কিলোমিটাৰ দৈৰ্ঘৰ ঘিলামৰা গোগামুখ পথ অতিক্রমী।  স্বাধীনতাৰ ৭০ বছৰৰ পাছতো ভোগ কৰি অহা এনে দুৰ্ভোগ আৰু জ্বালা যন্ত্ৰণাৰ স্থায়ী উপশম হোৱাৰ দিশে গতি কৰাত ভুক্তভোগী ঢকুৱাখনা মহকুমাবাসী আশ্বস্ত । দেওবাৰে  ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে এক বিবৃত্তি যোগে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই  এই পথ আৰু দলং নিৰ্মান হৈ উঠিলে ঢকুৱাখনা মহকুমাৰ আৰ্থ সামাজিক পৰিকাঠামো অধিক শক্তিশালী হ`ব বুলি কৈ ২০১৯ চনৰ ১ ডিচেম্বৰত  সন্মিলনে এই প্ৰধান দাবীৰে  এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এক স্মাৰক পত্ৰ দাখিল কৰা বুলি জনালে।  সোৱণশিৰী কৈৱৰ্ত হাইস্কুলত উক্ত দিনা অনুষ্ঠিত ৰাজহুৱা প্ৰতিবাদী সভাই গ্ৰহণ কৰা প্ৰস্তাৱ তদানীন্তন মুখ্যমন্ত্ৰী সোণোৱালক দিয়াৰ পৰৱৰ্তী সময়ত নতুন মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰথম বাজেট অধিবেশনতে  পথটো নিৰ্মাণৰ বাবে পুঁজি ধার্য কৰাৰ বাবে  চলিত বৰ্ষৰ ১৬ জুলাই তাৰিখটো ঢকুৱাখনাবাসীৰ বাবে চিৰ স্মৰণীয় হৈ ৰ`ব বুলি জনায় । ঢকুৱাখনা জিলা টাকাম মিচিং পৰিন কেবাং ,মিচিং সংগ্ৰাম সমিতি ,   ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা , জিলা কৰ্মচাৰী পৰিষদ , সন্মিলিত গণশক্তি অসম , জিলা পেঞ্চনাৰ সন্থা আদি দল,  সংগঠনেও নিজাববীয়াকৈ  বিভিন্ন সময়ত বিধায়ক ,মন্ত্ৰী , সাংসদক জনাই অহা এই দাবী কাৰ্যকৰী হোৱাৰ পথত অগ্ৰসৰ হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাই শীঘ্ৰে যাবতীয় কার্যব্যবস্থা গ্ৰহণৰ আহ্বান জনায়।  একেসময়ত
ে ঢকুৱাখনাৰ ৰাইজ সংগঠনে  এই ঘোষণা দিচাং টেকেলিফুটা সংযোগী ব্ৰহ্মপুত্ৰৰ  ওপৰৰ দলংৰ দৰে যাতে ঘোষণাতে আজীৱন আবদ্ধ নাথাকে তাৰ প্ৰতি সাংসদ প্ৰদান বৰুৱা আৰু মন্ত্ৰী ডাঃ ৰনোজ পেগুক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।  

Leave A Reply

Your email address will not be published.