অলিম্পিকৰ প্ৰস্তুতিত অসমৰ কিশোৰী

0 260

তলৰ ছবিত দেখা কিশোৰী গৰাকীৰ নাম আস্থা চৌধুৰী। ঘৰ শিৱসাগৰ জিলাৰ মিলন নগৰত। এই  কিশোৰী গৰাকী সম্প্ৰতি ব্যস্ত হৈ আছে অলিম্পিকত সাঁতোৰ প্ৰতিযোগিতাৰ অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাত। আস্থাই দিল্লীৰ National Swimming Academy ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। জানিব পৰা মতে আস্থা চৌধুৰীয়ে ডo ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বোদয় একাডেমীত অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে।

PicsArt_07-18-06.46.59

আচলতে আস্থা চৌধুৰীক সাঁতোৰৰ বাবে পোনপ্ৰথমে আগবঢ়ায় দিছিল তাইৰ পিতৃ- মাতৃয়ে। মাত্ৰ ৩ বছৰ বয়সতে আস্থাক সাঁতোৰৰ প্ৰশিক্ষণ দিছিল, প্ৰাৰম্ভিক অৱস্থাতে আস্থাই সাঁতোৰৰ প্ৰতি অনিহা প্ৰদৰ্শন কৰিছিল যদিও পিছৰ পৰ্য্যায়ত আগ্ৰহী হৈ উঠে। ইতিমধ্যে আস্থাই জিলা, ৰাজ্যিক পৰ্য্যায়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিজয়ী হৈছে। শেহতীয়াকৈ আস্থাই উজবেকিস্থানৰ (Uzbekistan) ৰাজধানী Tashkent ত হ’ব লগা 9th Asian age group ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। এই আপাহতে আমি জনাইছো বহু অভিনন্দন। 

IMG-20170717-WA0036

বাতৰিটো যুগুত কৰাত সহযোগ কৰিলে দিলিস্তান খানে, শিৱসাগৰৰ পৰা

Leave A Reply

Your email address will not be published.