অসমৰ জনসাধাৰণে আম আদমী পাৰ্টিক আকোৱালি লৈছে। ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী দুগৰাকীৰ সপক্ষে জনসাধাৰণৰ স্বতঃস্ফুৰ্ত সহাঁৰি লক্ষ্যণীয়। আজি তেজপুৰত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে এক ৰোড শ্ব’ কাৰ্যসূচী মুকলি কৰি দলৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে এইদৰে কয়। তেজপুৰ চহৰৰ মূঢ়া তেতেলীস্থিত বাজাৰ ইণ্ডিয়াৰ সন্মুখৰ পৰা আৰম্ভ হোৱা ৰোড শ্ব’ কাৰ্যসূচীত হাজাৰ হাজাৰ দলীয় কৰ্মী – সমৰ্থকে অংশগ্ৰহণ কৰে।গায়ন- বায়নৰ এটি বিশাল দলৰ গীত নৃত্য পৰিবেশনৰ মাজতে ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে আতিশীয়ে। দিল্লীৰ চৰকাৰে পানী, বিদ্যুত যোগান বিনামূলীয়াকৈ যোগান ধৰাৰ দৰে অসমতো আম আদমী পাৰ্টিয়ে এই অত্যাৱশ্যকীয় সেৱাসমূহ বিনামূলীয়াকৈ আগবঢ়োৱাৰ পোষকতা কৰে। আপৰ লক্ষ্য অসমৰ চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৪৫০ টকা, মাটিৰ পট্টা প্ৰদান আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগও উল্লেখ কৰে আপৰ নেত্ৰী গৰাকীয়ে। তেজপুৰ চহৰৰ মেইনৰোড হৈ আগবঢ়া বিশাল সমদল ক’ৰ্ট চাৰিশতকৈও আলিত সামৰণি পৰে। আজিৰ এই ৰোড শ্ব’ত আতিশীৰ সৈতে একেলগে এখন খোলা ভানত উঠি প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যয়ো ৰাইজৰ আশীৰ্বাদ বিচাৰে। আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, আন এগৰাকী ৰাষ্ট্ৰীয় নেতা মনীষ কৌশিকেও ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। শোণিতপুৰত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ এই প্ৰচাৰে সৰ্বস্তৰৰ লোকৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইপিনে, মঙলবাৰে তিনিচুকীয়াত আতিশীয়ে প্ৰথমবাৰৰ বাবে মেখেলা চাদৰ পিন্ধি ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল। অসমীয়া সাজ -পাৰত আতিশীৰ ৰোড শ্ব’ত অংশ গ্ৰহণৰ বিষয়টোৱে তিনিচুকীয়াবাসীৰ মাজত বিশেষ চৰ্চা লাভ কৰে। অসমীয়া সাজ পাৰৰ প্ৰতি এয়া আতিশীৰ ভালপোৱাৰ দৃষ্টান্ত হিচাপে বিবেচিত হৈছে।
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures