অসম সহ উত্তৰ পূবৰ তিনিখন ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাজু এন ডি আৰ এফৰ ১২ টাকৈ প্ৰশিক্ষিত দল

0 68

বহাগ মাহ আৰম্ভ হোৱাৰ পাছতেই অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত সাধাৰণতে বাৰিষা কাল আৰম্ভ হয় । যাৰ বাবে বহাগ মাহ আৰম্ভ হোৱাৰ পাছতেই অসমসহ উত্তৰ পূবত সাজু কৰি ৰখা হয় ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ উদ্ধাৰকাৰী দল সমুহক। উল্লেখ্য যে অসমসহ উত্তৰ পূবৰ সাতোখন ৰাজ্যত যিকোনো প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনত পৰিচালিত এন ডি আৰ এফৰ দুটাকৈ উচ্চ প্ৰশিক্ষিত বেটেলিয়ান নিয়োজিত হৈ আছে। ইয়াৰ ভিতৰত বাহিনীটোৰ প্ৰথমটো বেটেলিয়াৰ মুখ্য কাৰ্যালয়টো আছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰৰ মুখ্য কাৰ্যালয় চৌহদত । দ্বিতীয়টো অৰ্থাৎ দ্বাদশ বেটেলিয়ানৰ মুখ্য আছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নাহৰলগুণৰ সমীপৰ দৈমুখ নামৰ ঠাইত। আনহাতে আজাৰা পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফ বেটেলিয়ানক নিয়োজিত কৰা হৈছে অসম, ত্ৰিপুৰা আৰু মিজোৰামত দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে। ইতিমধ্যে সম্ভাব্য বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি এই তিনিখন ৰাজ্যত দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ১২ টা উচ্চ প্ৰশিক্ষিত বিশেষ দল সাজু কৰি ৰখাৰ লগতে কালি আৰু আজি দুদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । বাহিনীটোৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ কমাডেণ্ট এইচ পি এছ কাণ্ডাৰীৰ বিশেষ তত্বাবধানত এই তিনিখন ৰাজ্যৰ তিনিখন জিলাত কালিৰে পৰা আৰম্ভ হোৱা দুদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি বিয়লি সফল সামৰণি পৰে।অসমৰ বাবে উত্তৰ কামৰূপৰ বাইহাটা চাৰিআলিৰ সমীপৰ পুঠিমাৰী দুৰ্গা মন্দিৰ চৌহদ আৰু দক্ষিণ কামৰূপৰ মিৰ্জাৰ পৰা কিছু নিলগৰ চানডুবি বিলৰ পাৰত এই দুদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । প্ৰশিক্ষণ কাৰ্যসূচীত ভূমিকম্প,বানপানী আৰু ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হলে আক্ৰান্ত অঞ্চলত কিদৰে উপস্থিত হৈ ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰি দুৰ্যোগত আক্ৰান্ত লোকক নিৰাপদে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰি মানুহৰ জীৱন ৰক্ষা কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয়। এতিয়া সমাগত বাৰিষা কালত এই ১২ টা উচ্চ প্ৰশিক্ষিত বিশেষ দল অসম, ত্ৰিপুৰা আৰু মিজোৰামত যিকোনো দুৰ্যোগ সংঘটিত হলে ৰাজ্য চৰকাৰে বিচৰা মাত্ৰকে তৎকালে ঘটনাস্থলীত উপস্থিত হৈ অসামৰিক প্ৰশাসনৰ সহযোগত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে অভিযান চলাব।

Leave A Reply

Your email address will not be published.