মন যায়, ৰণাংগন,সন্ধিক্ষণ,আহি আছে আৰু শেহতীয়াকৈ মুক্তিলাভ কৰা বন্ধুৰ দৰে জনপ্ৰিয় অসমীয়া চলচিত্ৰৰ চিত্ৰনাট্যকাৰ ডাঃ নয়নজ্যোতি তালুকদাৰৰ চিত্ৰনাট্য-সংলাপেৰে সজোৱা তথা ইতিপূৰ্বে কেইবাখনো সমাদৃত অসমীয়া চলচিত্ৰ অসমৰ দৰ্শকক উপহাৰ দিয়া জনপ্ৰিয় চলচিত্ৰ পৰিচালক প্ৰণৱজ্যোতি ভড়ালীৰ পৰিচালনাত নিৰ্মাণ কৰা নতুন অসমীয়া চলচিত্ৰ ‘চিলনী চোৰ’ৰ দৃশ্য-শ্ৰাব্য গীতসমূহ মুকলি কৰা হয়৷ দেওবাৰে দিশপুৰ প্ৰেছ ক্লাবত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতসমূহ মুকলি কৰি পৰিচালক ভড়ালীয়ে গীতসমূহ শ্ৰোতা দৰ্শকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে ছবিখনো সমানে আকোঁৱালি ল’ব বুলি আশা প্ৰকাশ কৰে৷ ‘অসমৰ বিভিন্ন ঠাইৰ চাৰিজন নিবনুৱাই কৰ্মসন্ধানৰ বাবে গুৱাহাটী মহানগৰীলৈ আহি কেনেদৰে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মুখামুখি হ’বলগীয়া হয়, তাৰেই এক সুন্দৰ কাহিনীৰে বাস্তৱধৰ্মী কাহিনীৰে সজোৱা হৈছে ‘চিলনী চোৰ’ চিত্ৰনাট্য৷ ‘ৰণাংগণ’ [২০১৩], ‘ইপাৰ-সিপাৰ’ [২০১৭] ৰ দৰে জনপ্ৰিয় ছবি পৰিচালনা কৰা পৰিচালক ভড়ালীৰ তৃতীয়খন ছবি ‘চিলনী চোৰ’ৰ সম্প্ৰতি সম্পাদনাৰ কাম-কাজ সমাপ্ত হৈ চেঞ্চৰৰ বাবে প্ৰস্তুতি চলাই আছে৷ বাংগালুৰুৰ ‘বৰছনছ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনিৰ প্ৰযোজক পৰেশ বৰা৷ গুৱাহাটী, ৰঙাপাৰা, চতিয়া, মেঘালয়ত দৃশ্যগ্ৰহণ শেষ হোৱা ‘চিলনী চোৰ’ৰ দৃশ্যগ্ৰহণ কৰিছে চিনেমাট’গ্ৰাফাৰ প্ৰফুল্ল ৰাভাই৷ সংগীত পৰিচালনা কৰিছে বিমান বৰুৱা আৰু অহীৰ ভৈৰৱে৷ চাৰিটি গীত সন্বিৱিষ্ট ছবিখনিৰ বাবে জুবিন গাৰ্গ, সুবাসনা দত্ত, দিক্ষু শৰ্মা, আচুৰ্য বৰপাত্ৰ আৰু নিতুল দাধৰাই গীতসমূহত কণ্ঠ নিগৰাইছে৷ গীতিকাৰ ৰবচন বৰুৱা, কেশৱ নয়ন, আৰ্য নীল আৰু বিমান বৰুৱা, ছবিখনিৰ মুখ্য সহকাৰী পৰিচালক ভৱেশ নাথ আৰু সহকাৰী পৰিচালক পুলক শিৱম৷ এক্সন কম্প’জাৰ প্ৰণৱ মেধি৷ চিলনী চোৰৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– অৰুণ হাজৰিকা, দেবানন্দ শইকীয়া, ঝুলেন ভূঞা, নীলাক্ষী দেৱী, ছাজু আহমেদ, প্ৰণৱ দত্ত, জ্যোতিস্মান শৰ্মা,নীল তামুলী, কংকণ দে, নিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দ্বীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ, অনুপম শইকীয়া আদিয়ে৷ নৃত্য নিৰ্দেশক– উদয় শংকৰ আৰু ৰাজু দাস৷
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন