দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ সৰপাৰা গাৱৰ উদীয়মান যুৱক , সাংস্কৃতিক কর্মী হিচাপে সুনাম থকা দিৱস দৰ্শনৰ কাহিনী , পৰিচালনা আৰু চিত্ৰনাট্যৰে আৰু অনুভূতি কলাকেন্দ্ৰৰ বেনাৰত নিৰ্মাণ কৰা হৈছে প্ৰায় ডেৰ ঘণ্টা দৈৰ্ঘ্যৰ অসমীয়া কথাছবি “অমিতাভ” । সকলো ঠিকে থাকে থাকিলে অহা ১৯ আগষ্টত ছবিখনৰ শুভ মুক্তি দিয়া হব । আনহাতে ২৮ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত ছবিখনৰ ট্ৰেইলৰ মুকলি কৰা হয় । ট্ৰেইলৰ মুকলি কৰে ছবিখনত অভিনয় কৰা জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাঁচনীয়ে । আনহাতে এই উপলক্ষে সাংবাদিক ধৰিত্ৰী দাসে আঁত ধৰা অনুষ্ঠানত চমু ভাষণত অতুল পাঁচনীয়ে এনে এখন ব্যতিক্ৰমী চিনেমা উপহাৰ দিয়া বাবে পৰিচালক দিৱস দৰ্শনৰ শলাগ লয় আৰু দৰ্শকে চিনেমাখন আদৰি লব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত পৰিচালক দিৱস দৰ্শনে ছবিখন নিৰ্মাণৰ আঁৰৰ কথা অভিজ্ঞতা আদিৰ চমুকৈ বাখ্যা দাঙি ধৰে । অনুষ্ঠানত ছবিখনত অভিনয় কৰা কেবাজনো অভিনেতা – অভিনেত্ৰী উপস্থিত থাকে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে চেন্নাইত মৃত্যুক আঁকোৱালি লোৱা অসমীয়া সাংস্কৃতিক জগতৰ ৰত্ন স্বৰূপ , উদিয়মান শিল্পী কিশোৰ দাসেও ছবিখনত অভিনয় কৰিছিল । আনহাতে ছবিখনৰ দৃশ্যগ্ৰহণ সমূহ দক্ষিণ কামৰূপৰ পলাশবাৰী ,কুকুৰমাৰা, ৰঙামাটি , ৰাণী , চানডুবিকে ধৰি অসম – মেঘালয় সীমান্তৰ কেতবোৰ মনমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানত লোৱা হৈছিল ।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ