অসমীয়া বিজ্ঞানীৰ সাফল্য

0 186

উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই লাভ কৰিছে শান্তিস্বৰূপ ভটনাগৰ বঁটা । এই বঁটাৰ অৰ্থমূল্য হৈছে ৫ লাখ টকা।ইয়াৰোপৰিও বঁটা প্ৰাপক গৰাকীয়ে তেওঁৰ ৬৫ বছৰ বয়সলৈকে লাভ কৰিব মাহে ১৫ হাজাৰ টকা। UGC ৰো প্ৰথমগৰাকী অধ্যক্ষ শান্তিস্বৰূপ ভটনাগৰৰ নামেৰে দেশৰ বিজ্ঞানী,গৱেষক সকলক উজীৱিত কৰাৰ লক্ষ্যৰে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাত টা শাখাত দিকদৰ্শী গৱেষণা বাবে প্ৰতিটো শাখাত সৰ্বাধিক দুগৰাকী বিজ্ঞানীলৈ বঁটা আগবঢ়োৱা সিদ্ধান্ত লোৱা হৈছিল।এই সাতটি শাখা হৈছে জীৱ বিজ্ঞান,ৰসায়ন বিজ্ঞান,বসুধা বতৰ সমুদ্ৰ আৰু গ্ৰহীয় বিজ্ঞান, কাৰিকৰী বিজ্ঞান,গণিত বিজ্ঞান,চিকিৎসা বিজ্ঞান আৰু ভৌতিক বিজ্ঞান।অৱশ্যে বঁটাৰ বাবে বিবেচনা কৰিবলৈ হ’লে গৱেষণা বিজ্ঞানী গৰাকী বয়স ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব,তেওঁৰ গৱেষণা দেশতেই সম্পন্ন হ’ব লাগিব,আৰু অৱশ্যেই গৱেষণা হ’ব লাগিব দিকদৰ্শী।এনেবোৰ কাৰণতেই এই সন্মানক দেশৰ বিজ্ঞান ক্ষেত্ৰ শীৰ্ষ স্থানীয় বুলি গণ্য কৰি অহা হৈছে।
NEIST ৰ পলিমাৰ পেট্ৰলিয়াম আৰু কয়লা ৰসায়ন গোটৰ বিজ্ঞানী ড° শইকীয়াই কৰ্কট ৰোগৰ কোষ চিনাক্তকৰণ বাবে কয়লাক ব্যৱহাৰৰ কৰাৰ এক ৰাসায়নিক পদ্ধতি বিকাশ ঘটাই দুবছৰ মানৰ পূৰ্বে বিশেষ চৰ্চা লাভ কৰিছিল।দেহৰ কৰ্কট আক্রান্ত কোষ নিৰূপণকে ধৰি চিকিৎসা ক্ষেত্ৰত কাৰ্বন আধাৰিত এক অতি ক্ষুদ্ৰাকৃতিৰ পদাৰ্থ ব্যৱহাৰ কৰা হয়।কাৰ্বন কোৱান্টাম ডট নামৰ এই পদাৰ্থবিধৰ আকাৰ ১০ নেন’মিটাৰ,মানে ১ চেণ্টিমিটাৰৰ ১ নিযুতভাগৰ ১০ ভাগতকৈ সৰু (অৰ্থাৎ ০.০০০০০১০ চেণ্টিমিটাৰ) । আমেৰিকা আৰু জাপানৰ দুটামান ৰাসায়নিক উদ্যোগে DQD উৎপাদন কৰে যদিও এই উৎপাদন ব্যয় খুবেই বেছি।শইকীয়া আৰু তেওঁৰ সহযোগীয়ে যিৰূপে ডট’ উৎপাদনৰ কৌশল উদ্ভাৱন কৰিলে,সেই পদ্ধতিয়ে CQD ৰ খৰচ আমদানিকৃত CQD ৰ বিশভাগৰ অভাগলৈ হ্ৰাস কৰিলে।

Leave A Reply

Your email address will not be published.