অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হাফলঙৰ কল্মাওজ’

0 223

অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী কণমানি। হাফলঙৰ এক ভিতৰুৱা অঞ্চল মুৱলহ‌ৈ গাঁৱৰ কণমানি কল্মাওজ’ মাৰৰ কন্ঠত ‘অ’ মোৰ আপোনাৰ দেশ’ ইউটিউবত আপলোড কৰাৰ পাছতেই ভিডিঅ’টো জনপ্ৰিয় হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী কণমানি। হাফলঙৰ এক ভিতৰুৱা অঞ্চল মুৱলহ‌ৈ গাঁৱৰ কণমানি কল্মাওজ’ মাৰৰ কন্ঠত ‘অ’ মোৰ আপোনাৰ দেশ’ ইউটিউবত আপলোড কৰাৰ পাছতেই ভিডিঅ’টো জনপ্ৰিয় হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
ইফালে, কল্মাওজ’ মাৰৰ কণ্ঠত জাতীয় সংগীত শুনাৰ পাছতেই ছ’চিয়েল মিডিয়াত কণমানিগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে অসমবাসীয়ে। আনহাতে, ডিমা হাচাও জিলাৰ হাফলঙৰ এইগৰাকী কণমানিৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে টুইটাৰত কণমানিজনীৰ ভিডিঅ’টো শ্বেয়াৰ কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। তদুপৰি, কণমানিগৰাকীৰ অহা পাঁচ বছৰৰ পঢ়া-শুনাৰ যাৱতীয় খৰচৰ দায়িত্ব লোৱা হ’ব বুলিও উল্লেখ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।
তেওঁ টুইটাৰত লিখে, হাফলংৰ এক ভিতৰুৱা অঞ্চল মুৱলহ‌ই গাঁওৰ ৬ বছৰীয়া ছাত্ৰী কল্মাওজ’ মাৰৰ কণ্ঠত জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ। সচাকৈয়ে প্ৰশংসনীয়
উ: কাছাৰ খিলঞ্জীয়া ছাত্ৰ ফেডাৰেছনৰে হোৱা আলোচনামৰ্মে প্ৰতিভাৱান শিশু গৰাকীৰ অহা ৫ বছৰৰ পঢ়া-শুনাৰ যাৱতীয় খৰচৰ দায়িত্ব লোৱা হ’ল।
মনকৰিবলগীয়া যে, কম সময়ৰ ভিতৰতে জনপ্ৰিয় হোৱা এই ভিডিঅ’টোত ছবছৰীয়া কল্মাওজ’য়ে সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান কৰা পৰিলক্ষিত হৈছে। মঙলবাৰে ভিডিঅ’টো পোষ্ট কৰি কেপশ্বনত ভিন্ন ঐতিহ্য-পৰম্পৰাৰে সমৃদ্ধ অসমৰ চহকী সংস্কৃতিৰ কথা উল্লেখ কৰে কল্মাওজ’ই।
ইতিমধ্যে, ইউটিউবত প্ৰায় সহস্ৰাধিক দৰ্শকে চাইছে এই ভিডিঅ’টো। উল্লেখ্য যে ইয়াৰ পূৰ্বেও কেশৰী ছবিৰ ‘তেৰী মিট্টি’ গীতটি পৰিৱেশন কৰিও অশেষ জনপ্ৰিয়তা লাভ কৰিছিল কল্মাওজ’ নামৰ হাফলঙৰ এইগৰাকী কণমানিয়ে।

Leave A Reply

Your email address will not be published.