অসমৰ যুৱক -যুৱতী সকলক নতুন চিন্তাৰে ষ্টাৰ্টআপৰ দিশত আগবাঢ়ি আহিবলৈ আহ্বান- উদ্যোগ মন্ত্রী বিমল বড়াৰ

0 105

নিজকে জব ক্ৰিয়েৰ হিচাপে গঢ়ি তুলিবলৈ যুৱক -যুৱতী সকলে নতুন চিন্তাৰে ষ্টাৰ্টআপ গঢ় দিব লাগিব’- আমবাৰীৰ ষ্টাৰ্টআপ নেষ্টত ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ পৃষ্ঠ পোষকতাত আয়োজিত ইগনাইট প্ৰগ্ৰেমৰ উত্তীৰ্ণ সকলক প্ৰমাণ পত্ৰ প্ৰদান আৰু পণ্য দিৱস উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি এই আহ্বান জনায় ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।ষ্টাৰ্টআপৰ জৰিয়তে অসমৰ কেবাগৰাকীও যুৱক যুৱতীয়ে সমগ্ৰ দেশৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী বড়াই ইয়াৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ ভাৰত আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আত্ম নিৰ্ভৰ অসমৰ সপোন সাৰ্থক হ’ব বুলিও কয়।
জাগিৰোডত স্হাপন হ’ব লগা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে গঢ়ি উঠিব লগা আনুসংগিক উদ্যোগ সমূহৰ বাবে নতুন চিন্তাৰ ষ্টাৰ্টআপৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই দিশত আগবঢ়াৰ সময় সমাগত বুলিও মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। ইয়াৰ পূৰ্বে কেবাটাও ষ্টাৰ্টআপে উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰ এক প্ৰদৰ্শনীও উদ্যোগ মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে।
উল্লেখযোগ্য যে মুঠ ৮০০ আবেদনকাৰীৰ পৰা নিৰ্বাচিত ১৫৪গৰাকীক চাৰি মহীয়া এই ইগনাইট প্ৰগ্ৰেমৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।ইয়াৰে দহ গৰাকীক আনুষ্ঠানিক ভাৱেএই অনুষ্ঠানতে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।এই সভাতে অসমৰ সকলো ষ্টাৰ্টআপৰ এক সন্মিলন অনুষ্ঠিত কৰাৰ বাবেও বিভাগীয় বিষয়াসকলক মন্ত্রী বড়াই নিৰ্দেশ দিয়ে। অনুষ্ঠানত কেবাগৰাকীও নতুন উদ্যোগীয়ে নিজস্ব অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। সভাত উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং,অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিং, উদ্যোগ বিভাগৰ যুটীয়া সচিব ৰাজীৱ থাপাও উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.