শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ বিগত বৰ্ষৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ কৰিলে যে দৰ্শকে আঁকোৱালি লয় সেইটো প্ৰমাণিত হল বিদূৰভাই নামৰ অসমীয়া চিনেমাখনত । বিশেষকৈ অসমীয়া ছবি উদ্যোগটোলৈ নতুন জোৱাৰ কঢ়িয়াই আনিছে পৰিচালক সুব্রত কাকতিৰ পৰিচালনা আৰু অৰ্ণৱ হাজৰিকাৰ প্ৰযোজনাত ৰুটষ্টক এণ্টাৰমেইটেন্টৰ বেনাৰত নিৰ্মিত কথাছবি ‘বিদূৰভায়ে’। যোৱা ১৯ জুলাইত মুক্তিৰ পাছত প্ৰথম দুই সপ্তাহ মান ধৰি অসমৰ বহু চিত্রগৃহতে ‘হাউছফুল’ হৈ আছিল এই ছবিখনো । ইতিমধ্যে ছবিখনে ব্যৱসায়িকভাৱে লাভৱান হোৱা বুলি জানিব পৰা গৈছে । ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ব্যস্ত অঞ্চল হিচাপে পৰিচিত আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰীয়া আজাৰা ভি ভি আই পিস্থিত “আৰ আৰ চিনেমাছ” নামৰ আধুনিক সা – সুবিধাযুক্ত চলচিত্ৰ গৃহটোত এমাহৰো অধিক দিন ধৰি চলি আছে বিদূৰভাই। চলচিত্ৰ গৃহটোৰ স্বত্বাধিকাৰী ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া মতে যোৱা ১৯ জুলাইত ৰাজ্যৰ আন বহু চলচিত্ৰ গৃহৰ দৰে তেওঁলোকৰ আৰ আৰ চিনেমাছতো বিদূৰভাই মুক্তি দিয়া হৈছিল। ১৯ আগষ্টত এটা মাহ পাৰ হৈ যোৱাৰ পাছতো দৰ্শকৰ বিপুল সহাৰিৰ বাবে চিনেমাখন এটা দৰ্শনীত চলি আছে। প্ৰথমতে দুটা সপ্তাহ চলচিত্ৰ গৃহটোত চাৰিটা দৰ্শনী ক্ৰমে – দিনৰ ১১.৩০ বজা , বিয়লি ২ বজা , সন্ধিয়া ৫.৩০ বজা আৰু নিশা ৮ বজাত আটাইকেইটাতে হাউছফুল হিচাপে বিদূৰভাই চলি আছিল । তাৰ পাছত দুটা আৰু বৰ্তমান সন্ধিয়া ৫ বজাত এটা দৰ্শনীত চিনেমাখন চলি আছে । অৱশ্যে বৃহত্তৰ অঞ্চলটোৰ চলচিত্ৰপ্ৰেমী সকলৰ বহুতেই চিনেমাখন চোৱাৰ পাছত প্ৰথম তিনি সপ্তাহৰ তুলনাত দৰ্শকৰ সংখ্যা এতিয়া কমি আহিছে। আনকি অনা অসমীয়া দৰ্শকেও বিশেষকৈ বৰঝাৰস্থিত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণকে ধৰি অঞ্চলটোত থকা সৰ্বভাৰতীয় পৰ্য্যায়ৰ বহু অনুষ্ঠান – প্ৰতিষ্ঠানৰ বিষয়া – কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকেও চিনেমাখন উপভোগ কৰিছে। নিশ্চিতভাৱে ই এক শুভলক্ষণ । ইফালে ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া মতে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাকে ধৰি অসমৰ বহু শিল্পীয়ে তেওঁলোকৰ তাত আহি বিদূৰভাই চিনেমাখন চাই অভিভূত হৈছে। বিগত ২০২৩ বৰ্ষৰ জুন মাহত মুক্তি লাভ কৰা, সুব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মিত শ্ৰীৰঘূপতি নামৰ অসমীয়া চলচ্চিত্ৰখন আৰ আৰ চিনেমাছত দুমাহৰো অধিক দিন ধৰি চলিছিল। ৰাজীৱ কুমাৰ দত্তই অনুসৰি ২০২২ বৰ্ষৰ ১৮ মাৰ্চত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই চলচিত্ৰ গৃহটো মুকলি কৰিছিল। সেইদিনাই দেশজুৰি তেতিয়াই খলকনি তোলা “কাশ্মীৰ ফাইলছ” নামৰ চিনেমাখন মুক্তি দিয়া হৈছিল । উল্লেখ্য যে অহা ৩০ আগষ্টত হলটোত পুনৰ মুক্তি দিয়া হব আন এখন অসমীয়া চলচ্চিত্ৰ “চিলনীচোৰ”।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ