অসম আৰক্ষী দিৱস ২০২২ উপলক্ষ-লখিমপুৰ জিলা আৰক্ষীৰ ফুটবল লীগ

0 259

অসম আৰক্ষী দিৱস ২০২২ আৰু লখিমপুৰ জিলা দিৱসৰ সতে সংগতি ৰাখি লখিমপুৰ জিলা আৰক্ষী প্ৰশাসনে জিলাখনৰ আৰক্ষী থানা সমূহৰ মাজত অনুষ্ঠিত কৰিছে  ফুটবল লীগ প্ৰতিযোগিতা । আৰক্ষী অধীক্ষক ডঃ বেদান্ত মাধৱ ৰাজখোৱা আৰু উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্য্যালয়) ৰুণা নেওগৰ বিশেষ তৎপৰতাত জিলাখনৰ আৰক্ষী থানা সমূহক এ আৰু বি  দুটা ভাগত বিভক্ত কৰি  অনুষ্ঠিত কৰিছে এই লীগ ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ শুক্ৰবাৰে প্ৰথমটো গ্রুপৰ দ্বিতীয় দিনাৰ  প্ৰথমখন লীগ প্ৰতিযোগিতা  আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে জিলাৰ  উপ আৰক্ষী অধীক্ষক নেওগে । ঢকুৱাখনা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্ৰ শুক্লবৈদ্য, ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক দীনেশ মেধি , বগীনদী থানাৰ উপ পৰিদর্শক জয়ন্ত কাকতি ,  লখিমপুৰ জিলা আৰক্ষীৰ ৰিজাৰ্ভ অফিচাৰ, উপ পৰিদর্শক পৰেশ চাহুকে  প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক আৰক্ষী বিষয়া , ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থকা উদ্ধোধনী  অনুষ্ঠানৰ পাছত প্ৰথমখন খেল  ঢকুৱাখনা থানা বনাম বগীনদী থানা দলৰ মাজত অনুষ্ঠিত হয় । গোগামুখৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প প্ৰাংগণত অনুষ্ঠিত প্ৰথমখন লীগ ফুটবল খেলত  বগীনদী থানা দলে ঢকুৱাখনা থানা দলক ২-১ গলৰ ব্যৱধানত  পৰাজিত কৰে  । “এ” গ্রুপৰ দ্বিতীয়খন খেলত ঘিলামৰা থানা দলে পানী গাঁও থানা দলক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰে  । ইপিনে কাৱৈমাৰী খেল পথাৰত  অনুষ্ঠিত গ্ৰুপ ‘বি’ৰ প্ৰথমখন খেল  বিহপুৰীয়া থানা আৰু লালুক থানাৰ মাজত অনুষ্ঠিত  হয় । এই খেলখন ১-১ গলৰে সমতা স্থাপন হয়  ।  জিলাখনৰ ঢকুৱাখনা, ঘিলামৰা, বগীনদী , পানীগাঁও , লখিমপুৰ সদৰ , বিহপুৰীয়া ,লালুক আৰু নাৰায়নপুৰ আৰক্ষী থানাক সামৰি অনুষ্ঠিত এই লীগ ফুটবল প্ৰতিযোগিতাৰ অহা ১ অক্টোবৰৰ আৰক্ষী দিৱসৰ দিনা চূড়ান্ত খেল লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হব।
বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.