অসম গৌৰৱৰ ইতিহাসত খোদিত হ’ল ৩ জন ব্যক্তিৰ নাম

0 284

বিহু ,ব্ৰহ্মপুত্ৰ আৰু ভূপেন হাজৰিকাক বাদ দি অসমৰ কথা ভাবিব নোৱাৰি। কিয়নো সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্ববাসীৰ আগত অসমৰ মানচিত্ৰ , অসমৰ কৃষ্টি সংস্কৃতিক প্ৰতিনিধিত্ব কৰিছে অসমৰ এই তিনি সম্পদে। ২০১১চনত মহাপ্ৰয়ান ঘটে সকলোৰে মৰমৰ ভূপেন দাৰ। ভূপেন দা অসমৰ আৱেগ । সকলোৱে বিচাৰিছিল ভূপেন দাই ভাৰতৰত্ন লাভ কৰক। কিন্তু জীৱিত কালত সেয়া সম্ভৱ নহ’ল। কিন্তু মৰণোত্তৰ ভাবে হ’লেও ভূপেন হাজৰিকা দেৱে লাভ কৰিলে সেই গৌৰৱ। ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন। আজিৰ পৰা অসম ৰত্ন পৰিবৰ্তে তেওঁক জনা যাব ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা হিচাপে। আনহাতে অসমৰ বাবে আছে আন দুটা ভাল খবৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অবদানৰ বাবে ডাক্টৰ ইলিয়াছ আলি আৰু বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে উদ্ভাৱক উদ্ভৱ ভৰালীক ভাৰত চৰকাৰে প্ৰদান কৰিলে পদ্মশ্রী সন্মান।

Leave A Reply

Your email address will not be published.