মোৰ অনুভৱেৰে আজিৰ গণতান্ত্ৰিক ব্যৱস্থা

0 252

জয়জয়তে সকলোকে ৭০তম গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো ।১৯৫০চনৰ আজিৰ দিনটোতে দেশৰ সংবিধান গৃহিত হৈছিল।দেশৰ জনসাধাৰণে স্বাধীনতা লাভ কৰাৰ পিছত কিছুমান বিশেষ নীতি নিয়মৰ মাজেৰে পৰিচালিত হ’বলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল ।ভাৰতৰ সংবিধানত উল্লেখ থকা অনুসৰি আমাৰ দেশখন এখন ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য ।কিন্তু পৰিতাপৰ বিষয় যে সংবিধানৰ এই বাক্যবোৰ সময়ৰ আঁচোৰত যেন মোচ খোৱাৰ উপক্ৰম হৈছে ।গণতন্ত্ৰ ৰাজতন্ত্ৰত পৰিণত হোৱাৰ যেন অনুভৱ হৈছে ।ধৰ্মৰ বিভাজনে দেশৰ সংবিধানক আঘাত কৰে।দেশৰ প্ৰগতি স্থবিৰ কৰি তোলে।সম অধিকাৰ পোৱাৰ ক্ষেত্ৰত নাৰীসকল এতিয়াও পিছপৰি আছে।কৰ্মক্ষেত্ৰত নানাধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে।যাৰ পৰিপ্ৰেক্ষিতত মি টুৰ দৰে আন্দোলনে গা কৰি উঠিছে ।বহু আইন সংশোধন হৈ ভাল হৈছে যদিও বহু আইনে বিপৰীত ক্ৰিয়া কৰাহে দৃষ্টিগোচৰ হৈছে।দোষীক শাস্তি লাঘৱ কৰা কাৰ্য্যই অপৰাধীক অপৰাধ কৰিবলৈ উদগণি যোগাইছে।শেহতীয়াকৈ জাপিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ প্ৰেক্ষাপট যে সলনি কৰিব সেয়া নিশ্চিত হৈ পৰিছে।আমি বিচাৰো এখন সুস্থ, সবল গণতন্ত্ৰ য’ত সকলোৱে সমভাৱে, শান্তিৰে থাকিব পাৰে ।দেশ প্ৰগতিৰ পথত আগুৱাই যাব পাৰে। জয় হিন্দ।                            সংগীতা শইকীয়া ।                                           সম্পাদক

Leave A Reply

Your email address will not be published.