অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ-সুৰক্ষা বিপনী দেখি অভিভূত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা-বিভাগৰ প্ৰচেষ্টাক প্ৰশংসা জিলা উপায়ুক্ত পল্লব গোপাল ঝাৰ

0 219

মহানগৰীৰ চানমাৰিত অনুষ্ঠিত অসম গ্ৰন্থমেলাত উপস্থিত হৈ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ পথ-সুৰক্ষাৰ সজাগতা বিপনী প্ৰত্যক্ষ কৰি অভিভূত হয় ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। অসম গ্ৰন্থমেলাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীৰ সন্মুখত ৰোৱাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীক এটি ফুলৰ থোপাৰে আদৰণি জনায় সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ উল্লেখ্য যে, পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা ৰোধ কৰাৰ লগতে সমাজৰ সকলো ক্ষেত্ৰৰ ৰাইজৰ সহযোগত জনসচেতনতা সৃষ্টিৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে অসম গ্ৰন্থমেলাত বিগত এঘাৰ দিনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি সকলো শ্ৰেণীৰ ৰাইজৰ মাজলৈ পথ সুৰক্ষাৰ বিভিন্ন নীতি নিৰ্দেশনাসমূহ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে। এই সজাগতা অনুষ্ঠানত ভীৰ কৰি বিভিন্ন বয়সৰ লোকে পথ সুৰক্ষাৰ নীতি নিয়ম সন্দৰ্ভত অবগত হোৱাৰ বাবে উৎসুক জনতাক দেখি মুখ্যমন্ত্ৰীগৰাকী আচৰিত হয় ৷ আজি বিয়লি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা পথ সুৰক্ষা বিপনীত উপস্থিত হৈ পথ সুৰক্ষাৰ বাবে বিভাগে চলোৱা প্ৰচেষ্টাক প্ৰশংসা কৰে ৷ ইফালে ৮ জানুৱাৰীৰ পথ সুৰক্ষা সজাগতা বিপনীত উপস্থিত হৈ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই পথ সুৰক্ষাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাই ৷ উল্লেখ্য যে পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীত উক্ত দিনা সন্ধিয়া বহুসময় ধৰি পৰিবহণ বিষয়া গৌতম দাসে যুৱপ্ৰজন্মকে ধৰি বিভিন্ন বয়সৰ লোকৰ স’তে পথ সুৰক্ষাৰ সজাগতা সন্দৰ্ভত প্ৰত্যক্ষভাৱে মত বিনিময় কৰাৰ লগতে সকলোকে পথ সুৰক্ষাৰ নীতি নিয়ম সম্বলিত প্ৰচাৰ পুস্তিকা বিতৰণ কৰে ৷ দাসৰ লগতে এই কাৰ্যসূচীত উপস্থিত থাকে সদস্য সচিব, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম ৷ পৰিবহণ বিষয়া দাসে সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভোগালীৰ ভোগৰ আনন্দত মতলীয়া হৈ কোনোৱে যাতে সুৰাপান কৰি ভোগালীৰ আনন্দক বিষাদত পৰিণত নকৰে তাৰ বাবে আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ আগন্তুক দিনৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিবলৈ অনুৰোধ জনায়।

Leave A Reply

Your email address will not be published.