অসম চিকিৎসা মহাবিদ্যালয়লৈ যুৱৰাজ সিঙে আগবঢ়াইছে ১০০খন বিচনা

0 200

ক’ভিড আক্ৰান্ত শিশুৰ বাব বিশেষ সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে। উল্লেখযোগ্য যে যুৱৰাজে ১০০খন অত্যাধুনিক আই চি ইউ বিচনা অসম চিকিৎসা মহাবিদ্যালয়লৈ আগঢ়াইছে ।এই সম্পৰ্কে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীব কাকতিয়ে জনোৱা মতে যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ ফালৰ পৰা ১০০ খন বিচনা আগবঢ়াব বুলি খবৰ লাভ কৰিছিল। আৰু সেই অনুসৰি গুৱাহাটী মেডিকেল কলেজত ৫০ খন, শ্বিলং মেডিকেলত ৫০ খন, আৰু অসম চিকিৎসা মহাবিদ্যালয়ত ১০০ খন বিচনা প্ৰদান কৰিব বুলি জানিব পৰা গৈছিল।
যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ ফালৰ পৰা প্ৰদান কৰিবলগীয়া এই অত্যাধুনিক আই চি ইউ বিচনা কেইখন বৰ্তমান ক’ভিড আক্ৰান্ত শিশুৰ বাবে ব্যৱহাৰ কৰাৰ লগতে ইয়াৰ পৰৱৰ্তী সময়ত এই বিচনাসমূহ কৰ্কট আক্ৰান্ত শিশুৰ বাবে ব্যৱহাৰ কৰিবলৈ এক বুজাবুজিৰ চুক্তি ফাউণ্ডেশ্যনলৈ প্ৰেৰণ কৰা হ’ব বুলি চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই সংবাদ মাধ্যম যোগে উল্লেখ কৰিছে।

Leave A Reply

Your email address will not be published.