অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ- মুখ্যমন্ত্ৰীক আনুষ্ঠানিক কৃতজ্ঞতা অগপৰ

0 35

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ উদ্দেশ্যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শসমূহৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাত পৰা দফাসমূহ কাৰ্যকৰী কৰিবলৈ লোৱা যুগান্তকাৰী পদক্ষেপৰ বাবে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসম গণ পৰিষদৰ তৰফৰপৰা আনুষ্ঠানিকভাৱে কৃতজ্ঞতা তথা অভিনন্দন জ্ঞাপন কৰা হয়৷

অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে জন্ম লাভ কৰা অগপৰ সৰ্বস্তৰৰ নেতা-কৰ্মী এতিয়া অতিকৈ সুখী আৰু উৎসাহিত।মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত পৰিচালিত চৰকাৰখনত অগপ অংশীদাৰ হৈ থকাৰ সময়তে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কাম হাতে-কামে আগবঢ়াত অগপ দল গৌৰৱান্বিত বুলি উল্লেখ কৰে অগপৰ সভাপতি অতুল বৰাই৷

Leave A Reply

Your email address will not be published.