অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৬২ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ শিক্ষামন্ত্ৰী- ডাঃ ৰণোজ পেগুৰ।

0 169

বিশ্ববিখ্যাত দাৰ্শনিক, শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ সোঁৱৰণত সমগ্ৰ দেশতে আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এই পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৬২ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই। উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু আমাৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা প্ৰাক-প্ৰাথমিক, প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ মুঠ ৩৬ গৰাকী মনোনিত শিক্ষকক কৃতি শিক্ষাগুৰুৰ ৰাজ্যিক বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও যিহেতু নতুন শিক্ষা নীতিয়ে উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষাৰ মাজতে এক সামঞ্জস্য ৰক্ষাৰ কথা উল্লেখ কৰিছে, এই পৰিপ্ৰেক্ষিতত পোণপ্ৰথম বাৰৰ বাবে ৯ গৰাকীকৈ মহাবিদ্যালয়ৰ প্ৰৱক্তাক তেওঁলোকৰ গৱেষণাৰ পেটেণ্ট স্বিকৃতি লাভৰ বাবে এই অনুষ্ঠানত বঁটা আৰু মানপত্ৰৰে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনৰ ৯ খনকৈ মহাবিদ্যালয়ে NAAC ৰ মূল্যায়নত A+ গ্ৰেড লাভ কৰা শিক্ষানুষ্ঠান ক্ৰমে বাহনা মহাবিদ্যালয় (যোৰহাট), ভোলানাথ মহাবিদ্যালয় (ধুবুৰী), ডিগবৈ মহাবিদ্যালয় (তিনিচুকীয়া), ফৰকাটিং মহাবিদ্যালয় (গোলাঘাট), জাগিৰোড মহাবিদ্যালয় (মৰিগাওঁ), নন্দনাথ শইকীয়া মহাবিদ্যালয় (যোৰহাট), সোণাপুৰ মহাবিদ্যালয় (কামৰূপ মহানগৰ), চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় (যোৰহাট) আৰু মায়ং আঞ্চলিক মহাবিদ্যালয় (মৰিগাঁও)ৰ অধ্যক্ষ সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
অনুষ্ঠানত মূখ্য অতিথিৰ ভাষণত শিক্ষামন্ত্ৰী গৰাকীয়ে শ্ৰদ্ধাৰে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক স্মৰণ কৰি উল্লেখ কৰে যে এই বঁটাই সমগ্ৰ শিক্ষক সমাজকে প্ৰতিনিধিত্ব কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে এই বঁটা বাচনিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দিশ নিৰ্দেশ সমূহ স্পষ্টভাৱে প্ৰতিফলিত হৈছে। যাৰ ফলস্বৰূপে এইবাৰ নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত কৰ্মৰত এন.চি.চি ৰ নোডেল বিষয়া কেপ্টেইন মিনু দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে শিক্ষাৰ লগত শাৰিৰীক শ্ৰম বা সুস্থ শৰীৰ এটা অতি দৰকাৰী আৰু এই ক্ষেত্ৰত শিক্ষা বিভাগে আহি থকা দিন সমূহত যাৱতীয় পদক্ষেক গ্ৰহণ কৰিব। তেওঁ আৰু কয় যে প্ৰতিখন মহাবিদ্যালয়ে আমাৰ বিদ্যালয় সমূহক আগুৱাই লৈ যোৱাত মেণ্টৰৰ ভূমিকা পালন কৰিব লাগিব। ইয়াৰ উপৰিও তেখেতে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান সকলে নিজ নিজ বিদ্যালয় সমূহক সৰ্বসুন্দৰ ভাৱে গঢ়াত সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব বুলি উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননি গোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মূখ্য সচিব বি.আৰ.চামাল, সচিব নাৰায়ণ কোঁৱৰ, সৰ্বশিক্ষাৰ মিচন সঞ্চালক ডাঃ ওম প্ৰকাশ, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত পল্লব গোপাল ঝা, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.