অসম দক্ষতা বিকাশ অভিযানৰ সম্পৰ্কত পাটোৱাৰীয়ে কি ক’লে

0 258

অসম দক্ষতা বিকাশ অভিযানে নৱ প্ৰজন্মক কৰ্মসংস্থাপন দিয়াৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত প্ৰশিক্ষণ প্ৰদান কৰা, নিয়োগ মেলা অনুষ্ঠিত কৰা, কৰ্মসংস্থাপন প্ৰদান কৰা আদিবোৰ অন্যতম ।অসম দক্ষতা বিকাশ অভিযানে গ্ৰহণ কৰা পদক্ষেপৰ সম্পৰ্কত আজি জনতা ভৱনত এখন সংবাদ মেল অনুষ্ঠিত হয়।সংবাদমেলত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে অসম চৰকাৰ আৰু চিংগাপুৰ চৰকাৰৰ লগত ইতিমধ্যে এম অ’ ইউ স্বাক্ষৰিত হৈছে।ইয়াৰ জৰিয়তে ৪০০গৰাকীয়ে প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হ’ব।দক্ষ ম’বাইল এপৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা ব্যৱস্থা কৰা হ’ব ।কয়দীসকল আৰু আত্মসমৰ্পণ কৰা নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যসকলক আত্মনিৰ্ভৰশীল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।মংগলদৈত স্কিল চিটি প্ৰজেক্ট স্থাপনৰ বাবে যাৱতীয় কাম কাজ হাতত লোৱা হৈছে ।জাপানৰ ১৫০টা কোম্পানীয়ে অসমত বিনিয়োগ কৰিব।নগৰবেৰাত জেট্ৰ’ চিটি নিৰ্মাণৰ কাম কাজ চলি আছে ।স্মতব্য যে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত প্ৰায় ১লাখ গৰাকীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ।

Leave A Reply

Your email address will not be published.