বন্যপ্ৰাণী সংৰক্ষণৰ শীৰ্ষক সভা অনুষ্ঠিত

0 219

কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিদ্যা আৰু বন্যজীৱ বিজ্ঞান বিভাগে দীপৰ বিলৰ সমীপৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বন গাঁৱ ছাটাৰগাওঁত বিকল্প জীৱিকাৰ সন্ধান’ শীৰ্ষক এক ৰাজহুৱা সভাৰ আয়োজন কৰে ৷ এই সভাখন দীপৰ বিলৰ সংৰক্ষণৰ অৰ্থে বাংগালুৰুৰ উইপ্ৰো ফাইণ্ডেশ্যনৰ দ্বাৰা সমৰ্থিত এক দীৰ্ঘম্যাদী প্ৰকল্পৰ অন্তৰ্গত ৷ প্ৰকল্প অনুসন্ধানকাৰী তথা কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ নাৰায়ণ শৰ্মাই সভাত অংশগ্ৰহণ কৰি কয় যে দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ নিচিনা আন্তৰ্জাতিক প্ৰতিষ্ঠা সম্পন্ন জলাশয়সমূহৰ আৰু বনাঞ্চল সংৰক্ষণৰ বাবে ইয়াৰ ওপৰত প্ৰত্যক্ষ নিৰ্ভৰশীলতা কমাব লাগিব আৰু ইয়াৰ বাবে বিকল্প জীৱিকাৰ অনুসন্ধান নিতান্তই প্ৰয়োজনীয় ৷ ৫০ ৰো অধিক লোকে এই সভাত অংশ লয়  ৷ অংশগ্ৰহণকাৰী সকলে বিভিন্ন বিকল্প জীৱিকাৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়, যিবোৰে দীপৰ বিলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্থানীয় অৰ্থনীতিও টনকিয়াল কৰিব ৷ ইয়াৰ ভিতৰত মেটেকাৰ পৰা হস্তশিল্পৰ নিৰ্মাণ, জৈৱিক কৃষি, উৎপাদিত সামগ্ৰীৰ মানদণ্ড উন্নয়ন আদিৰ লগতে অন্যান্য বৃত্তিমুখী শিক্ষা যেনে ম’বাইল ৰিপেয়াৰিং, বিউটীচিয়ান আদি উল্লেখনীয় ৷ ইয়াৰ উপৰিও অঞ্চলটোত বিভিন্ন ব্যৱসায়িক তথা চৰকাৰী প্ৰতিষ্ঠানৰ কৰ্পোৰেট ছ’চিয়েল ৰেছপঞ্চিবিলিটীৰ অন্তৰ্গত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ সম্ভাৱনাৰ কথাও সভাত আলোচনা কৰা হয় ৷

Leave A Reply

Your email address will not be published.