অসম প্ৰকাশন পৰিষদৰ শিশু গ্ৰন্থ উৎসৱ

0 262

শিশুসকলৰ বৌদ্ধিক তথা মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে শিশু গ্ৰন্থ উৎসৱ ।অসম প্ৰকাশন পৰিষদে আয়োজন কৰা শিশু গ্ৰন্থ উৎসৱ কালিৰে পৰা মহানগৰীৰ চিৰিয়াখানাৰ সন্মুখৰ শ্ৰদ্ধাঞ্জলি কাননত আৰম্ভ হৈছে ।জানিব পৰা মতে এই উৎসৱ অহা ১৫নৱেম্বৰত সামৰণি পৰিব ।শিশু গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি শিশুসকলৰ মাজত তৰ্ক প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বাক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।ইয়াৰ সমান্তৰাল ভাৱে সাংস্কৃতিক অনুষ্ঠানৰ লগতে এনিমেচন চলচিত্ৰ প্ৰদৰ্শন হ’ব।এনে ধৰণৰ উৎসৱে শিশু সকলক মানসিক খোৰাক দিয়াৰ লগতে বৌদ্ধিক বিকাশত সহায় কৰিব বুলি সচেতন মহলে মতপ্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.