অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ ৰাজ্যিক সম্পাদক নিযুক্তি

0 233

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ ৰাজ্যিক সম্পাদক হিচাবে ৰাজীৱ খানক নিযুক্তি দিয়া হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ,ৰাজ্য সভাৰ সাংসদ ইমৰান প্ৰতাপগ্ৰাহীৰ অনুমোদন ক্ৰমে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ  অধ্যক্ষ ছালমান খানে বুধবাৰে ঢকুৱাখনাৰ প্ৰবীণ কংগ্ৰেছী ৰাজীৱ খানক এই সন্মানীয় পদত নিযুক্তি দিছে। লখিমপুৰ জিলা সংখ্যালঘু কোষৰ প্ৰাক্তন সাধাৰণ সম্পাদক,ঢকুৱাখনা মহকুমা সংখ্যালঘু উন্নয়ন বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ হিচাবে সফল কাৰ্যনিৰ্বাহ কৰি যোৱা প্ৰবীণ কংগ্ৰেছী নেতা গৰাকীক ৰাজ্যিক সংখ্যালঘু বিভাগৰ সম্পাদক পদত নিযুক্তি দিয়াত ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত সংখ্যালঘু ৰাইজে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,ৰাজ্যিক সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছালমান খান আৰু দলীয় নেতৃত্বক কৃতজ্ঞতা জনাইছে।নব নিযুক্ত ৰাজ্যিক সম্পাদক খানে অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাংগঠনিক ভেঁটি মজবুতকৰণৰ লগতে সংখ্যালঘু সকলৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি যাব বুলি জানিবলৈ দিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.