অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত যোগদান কাৰ্যসূচী

0 168

ভাৰতীয় জনতা পাৰ্টি,মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত দেওবাৰে বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত স্বাধীনতা৭৫ বছৰীয়া জয়ন্তী উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰ ৭৫ গৰাকী মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ কেইবাগৰাকীও মহিলাই যোগদান কৰে।এই যোগদান কাৰ্যসূচীত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা,ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভানেত্ৰী ৰেখাৰাণী দাস বড়ো, বিজেপিৰ উপ-সভাপতি তথা অনুসূচীত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ জয়ন্ত দাস, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া তথা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় সম্পাদক সুজিত বিশ্বাস ডাঙৰীয়া উপস্থিত থাকে।ভাষণ প্ৰসংগত ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই মানুহৰ মাতষাৰেই ভোক নিবাৰণৰ প্ৰথম উপাদান হিচাপে উল্লেখ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা ৭৫ গৰাকী মহিলাক সকলোকে সমান চকুৰে চাই দল তথা দেশমাতৃৰ সেৱাত নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনায়।লগতে তেখেতে উল্লেখ কৰে যে ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকর্তাকে দক্ষতা বিকাশৰ পৰিবেশ প্ৰদান কৰে।সেয়েহে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই সকলোকে নিজৰ ব্যক্তিত্ব বিকাশৰ জৰিয়তে সমাজ নিৰ্মাণত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।ভাষণ প্ৰসংগত ৰেখাৰাণী দাস বড়োৰে মহিলা সকলক অৰ্ধ আকাশ বুলি অভিহিত কৰি দলৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায়।বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসে অসমত অসমীয়া অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে অতীতৰ পৰা অৰ্থাৎ অসম আন্দোলনৰ সময়ৰ পৰা কাম কৰি আহিছে বুলি উল্লেখ কৰে।
ভাৰতমাতাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই বন্তিপ্ৰজ্বলন আৰু মাতৃ বন্দনাৰে আৰম্ভ হোৱা এই অনুষ্ঠানটিৰ ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পেলোৱা হয়।এই যোগদান কাৰ্যসূচীৰ আঁত ধৰে মহিলা মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা হিমাশ্ৰী দেৱীয়ে।

Leave A Reply

Your email address will not be published.