অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী

0 250

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বন্দৰ,জাহাৰ পৰিবহন আৰু জলমাৰ্গ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বাবে বিকাশৰ চালিকশক্তি হিচাপে জলপথ শীৰ্ষক অংশীদাৰী সন্মিলনত অংশগ্ৰহণ কৰে।এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ জলপথ সমূহৰ উপযুক্ত ব্যৱহাৰৰ লগতে অঞ্চলটোত এই খণ্ডৰ সম্ভাৱনীয়তাৰ বিভিন্ন দিশ আলোচনা কৰা হয়।
সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বধীনতাৰ পৰৱৰ্তী সময়ত দীৰ্ঘকাল ধৰি আমি অসমৰ জলপথ সমূহৰ সম্ভাৱনীয়তা উপযুক্ত মূল্যায়ন কৰিবলৈ সমৰ্থ হোৱা নাছিল। কিন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত এই খণ্ডটোৱে এতিয়া এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। এক্ট-ইষ্ট কৰিড’ৰ আদি বিভিন্ন পদক্ষেপৰ জৰিয়তে যদিও স্থলপথৰ মাধ্যমেৰে এই অঞ্চলটোৰ সৈতে বহি:বিশ্বৰ বাণিজ্যিক সম্পৰ্ক স্থাপন ক্ষেত্ৰত বহুখিনি অগ্ৰগতি লাভ কৰা হৈছে,পথ পৰিবহন বৰ্দ্ধিত ব্যয়ে বহু সময়ত এই দিশত বাধাৰো সৃষ্টি কৰি আহিছে।জলপথৰ উপযুক্ত ব্যৱহাৰে এই ক্ষেত্ৰত ৰাজ্য খনৰ বহুদূৰ আগুৱাই লৈ যাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
জলপথক পৰিবহনৰ আটাইতকৈ মিতব্যয়ী আৰু পৰিৱেশ অনুকূল মাধ্যম বুলি অভিহিত কৰি ৰপ্তানিকাৰী আৰু ব্যৱসায়ী সম্প্ৰদায়ক জলপথৰ মাধ্যমেৰে ব্যৱসায়ৰ সুযোগ গ্ৰহণ কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।উত্তৰ পূৱৰ ৰাজ্যসমূহৰ বিকাশৰ বাবে অঞ্চলটোৰ জলপথসমূহৰ পুনৰুজ্জীৱিকৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহন আৰু জলমাৰ্গ দপ্তৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ লগতে কয় যে যিহেতু দেশৰ ৯৫ শতাংশ আন্তঃদেশীয় বাণিজ্যই জলপথৰ মাধ্যমেৰে হয় সেয়েহে এই খণ্ডটোক নতুন প্ৰজন্মই কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ বহুখিনি সম্ভাৱনীয়তা লুকাই আছে।
নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ নৈপৰীয়া অঞ্চলৰ ৰাইজলৈ উন্নত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে উন্নত মানৰ নৌকা এম্বুলেঞ্চ প্ৰস্তুতৰ বাবে আগবাঢ়ি আহিবলৈ কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ প্ৰতি আহ্বান জনায়। সন্মিলনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহন আৰু জলমাৰ্গ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ভগৱানপ্ৰদত্ত বিশাল জলপথ হিচাপে উপযুক্ত ৰূপত ব্যৱহাৰ কৰিব পাৰিলে অঞ্চলটোৰ বিশ্বজয়ৰো সামৰ্থ্য আছে বুলি কয়।বৃটিছ আমোলত অঞ্চলটোৰ জলপথৰ উপযুক্ত ব্যৱহাৰৰ বাবে এই অঞ্চলৰ জনমূৰি আয় সৰ্বভাৰতীয় গড়তকৈ যথেষ্ট উন্নত আছিল বুলি উল্লেখ কৰি এই খণ্ডটোৰ সম্ভাৱনীয়তাৰ পুনৰ আৱিষ্কাৰৰ বাবে একেলগে মিলি কাম কৰিবলৈ তেওঁ উত্তৰ পূৱৰ ৰাজ্য সমূহৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান প্ৰতি সঁহাৰি জনায় তেওঁৰ মন্ত্ৰালয়ে অসমত এখন সমুদ্ৰ বিজ্ঞানৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।
ভাষণ প্ৰসংগত তেওঁ জলপথৰ মাধ্যমেৰে সামগ্ৰী ৰপ্তানি কাম আৰম্ভ কৰিবলৈ স্থানীয় ৰপ্তানিকাৰী সকলৰ প্ৰতি আহ্বান জনোৱাৰ লগতে উত্তৰ পূৱৰ ৰাজ্য সমূহক সংশ্লিষ্ট ৰাজ্যৰ বৰ্তমানে থকা জলপথ সমূহৰ উন্নয়ন বাবে প্ৰকল্পৰ প্ৰস্তাৱ যুগুত কৰিবলৈ তেওঁ আহ্বান জনায়।সন্মিলনত উদ্যোগ আৰু বাণিজ্য তথা পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু কেন্দ্ৰীয় বন্দৰ,জাহাৰ পৰিবহন আৰু জলমাৰ্গ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰেও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা লগতে উত্তৰ পূৱ ৰাজ্য সমূহৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে।অংশদাৰী সন্মিলন খনত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উপাধ্যক্ষ তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত সিং,জলমাৰ্গ মন্ত্ৰালয়ৰ সচিব সঞ্জীৱ ৰঞ্জন,জাহাজ পৰিবহন সঞ্চালকপ্ৰধান অমিতাভ কুমাৰ,শ্যামাপ্ৰসাদ মুখাৰ্জী প’ৰ্ট ট্ৰাষ্টৰ অধ্যক্ষ বিনীত কুমাৰ,কোচিন শ্বিপয়াৰ্ড লিমিটেড লৰ অধ্যক্ষ মধু এছ নায়াৰ,বিভিন্ন বাণিজ্যিক সন্থা,উদ্যোগপতি,ৰপ্তানিকাৰী সংস্থাৰ প্ৰতিনিধিবৰ্গৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বহুসংখ্যক শীৰ্ষ বিষয়াববীয়াই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.