অসম পৰিবহন বিভাগে গ্ৰহণ কৰিলে সজগতামূলক কাৰ্য্যসূচী

0 223

অসম চৰকাৰে ক’ৰণা ভাইৰাছৰ সন্দৰ্ভত সজাগতা সৃষ্টি বাবে দিয়া নিৰ্দেশনাৰ অনুসৰি আন বিভাগৰ দৰে পৰিবহন বিভাগেও চিটিবাছ, মেজিক, অ’লা, উবেৰ ,ই ৰিক্সাকে ধৰি যাত্ৰীবাহী বাহনৰ পৰিচালক, হেণ্ডিমেন সজাগতা সৃষ্টিৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কাম আৰম্ভ কৰিছে।
 
ইয়াৰ অংশস্বৰুপে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া, আঞ্চলিক পৰিবহন অভিকৰণৰ সদস্য সচিব বাপন কলিতাই পাঞ্জাবাৰী, খানাপাৰা,গনেশগুৰিত চিটিবাছত সজাগতা অভিযান চলায় আৰু সমূহ গাড়ী চালক, হেণ্ডিমেন, ই ৰিক্সা, অ’লা, উবেৰ চালক মাস্ক বিতৰণ কৰে।
 
চেনিটাইজাৰ দিয়াৰ লগতে গোহাৰি পত্ৰ বিতৰণ কৰে।এই অভিযানত গুৱাহাটী পৰিবহন সন্থাৰ সভাপতি পুলক গোস্বামী,বিপুল কলিতা, জোন ডেকা, অল আছাম কেব ড্ৰাইভাৰ ইউনিয়নৰ ইব্ৰাহীম আলীকে আদি কৰি বহুকেইগৰাকী পৰিবহন বিভাগৰ কৰ্মকৰ্তা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.