ক’ৰণা ভাইৰাছক ৰোধ কৰাৰ বাবে টীয়কৰ একাংশ বিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

0 245

টীয়কৰ বহুকেইখন শিক্ষানুষ্ঠানে ক’ৰণা ভাইৰাছ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰা দেখা গৈছে। চৰকাৰী নিৰ্দেশ মানি যোৱা ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখিছে কৰ্তৃপক্ষই।
 
 
টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুষ্ঠান টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীত শ্ৰেণীসমূহ যোৱা ১৫ মাৰ্চৰ পৰা বন্ধ হৈ আছে যদিও বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়খনৰ সচিব সৌৰভ বৰাকে প্ৰমুখ্য কৰি শিক্ষক কৰ্মচাৰী আৰু কৰ্তৃপক্ষই বৃহত্তৰ টীয়ক অঞ্চলৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজত ক’ৰণাৰ বিৰুদ্ধে সজাগতা আনিবলৈ গাঁৱে গাঁৱে প্ৰচাৰ চলোৱাৰ লগতে লিফলেট বিতৰণ কৰিছে।
 
 
উল্লেখযোগ্য যে শ্ৰেণীসমূহ বন্ধ হৈ থকা হেতুকে ছাত্ৰ ছাত্ৰীসকলৰ যাতে অধ্যয়নত ব্যাঘাত নজন্মে তাৰ বাবে ইতিমধ্যে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিদ্যালয়ৰ চৌহদত জাননী ফলকত ঘৰৰ কামৰ জাননী বাহিৰ কৰি অধ্যয়নত ব্যস্ত ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই।

Leave A Reply

Your email address will not be published.