বিশিষ্ট প্ৰকৃতিবিদ,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰউদ্দিন চৌধুৰীয়ে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত দীপৰ বিলৰ চৰাইক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ নিয়াৰ প্ৰয়াসৰে ইংৰাজী ভাষাত ৰচনা কৰিছে ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ নামৰ এখন গ্ৰন্থ। গ্ৰন্থখন দীপৰ বিলৰ চৰাই-চিৰিকটিৰ এক উল্লেখযোগ্য আৰু বিস্তৃত নথিপত্ৰ হিচাপে পৰিচিত হব। কিবা বছৰ ধৰি কৰা ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণৰ ভিত্তিত গ্ৰন্থখনত দীপৰ বিল আৰু দাঁতি কাষৰীয়া অঞ্চলৰ ৩৫২টা প্ৰজাতিৰ চৰাইক লিপিবদ্ধ কৰা হৈছে । আনহাতে ২০ এপ্ৰিলৰ দিনা আবেলি গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়। অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ক্ৰমে -অসম বন বিদ্যালয়ৰ সঞ্চালক ডঃ প্ৰিয়াছা শইকীয়া,দীপৰ বিলৰ চৰাইৰ সংৰক্ষণৰ হকে কাম কৰি অহা লক্ষণ টেৰণ,দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া চয়নিকা বৰ্মন,কাজিৰঙা ৱাইল্ড লাইফ ছচাইটিৰ সাধাৰণ সম্পাদক কৰুণা শৰ্মা,লিভিং লেকছ বায়োডাইভাৰচিটিৰ জলবায়ু প্ৰকল্পৰ প্ৰকল্প পৰিচালক ডঃ ময়ুৰ বাউৰীয়ে।ভাষণ প্ৰসংগত আটাইকেইগৰাকী উন্মোচকে গ্ৰন্থখনৰ ৰচক ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ প্ৰকৃতি প্ৰেমৰ উচ্চ প্ৰশংসা কৰে আৰু গ্ৰন্থখন দীপৰ বিলৰ চৰাইৰ এক দলিল হিচাপে বিশ্ববাসীৰ সন্মুখত সদায় জিলিকি থাকিব বুলি ব্যক্ত কৰে। অনুষ্ঠানত ডঃ আনোৱাৰুদ্দিন চৌধুৰীয়ে ভাষণ প্ৰসংগত গ্ৰন্থখন সন্দৰ্ভত নিজৰ অনুভব আৰু অভিজ্ঞতা প্ৰকাশ কৰি দীপৰ বিলৰ চৰাইক লৈ গৱেষণা কৰা সকলৰ বাবেও সহায়ক হব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত দীপৰ বিলৰ সমীপৰ কিছুসংখ্যক নেতৃস্থানীয় লোক আৰু দীপৰ বিলৰ সমীপৰ আজাৰাস্থিত হৰি গায়ত্ৰী দাস মহাবিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ – ছাত্ৰী উপস্থিত আছিল।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan