ভূৱন গামে বিজেপিৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভাত শপত গ্ৰহণ কৰাৰ পাছতে বিজেপিৰ ১২৬ জনীয়া অসম বিধানসভাত নিজৰ আসনৰ সংখ্যা ৬৩ গৰাকীলৈ বৃদ্ধি পালে।বাজেট অধিবেশনৰ প্ৰথম দিনাই অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে শপত বাক্য পাঠ কৰোৱাই বিধায়ক ভূৱন গামক।উল্লেখ্য য্, মাজুলী উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ভূৱন গামে বিৰোধী দলৰ সন্মিলিত প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীক প্ৰায় ৪২ হাজাৰ ভোটৰ ব্যাৱধানত পৰাস্ত কৰিছিল।২০২১ চনৰ বিধানসভাত মাজুলী সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল বিজয়ী হোৱাৰ পাছত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাত মাজুলী বিধানসভা সমষ্টিৰ আসনখন খালী হৈ আছিল।ভূৱন গামে বিজেপিৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভাত শপত গ্ৰহণ কৰাৰ পাছতে বিজেপিৰ ১২৬ জনীয়া অসম বিধানসভাত নিজৰ আসনৰ সংখ্যা ৬৩ গৰাকীলৈ বৃদ্ধি পালে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ