আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা- হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে এই পৰীক্ষা কেন্দ্ৰ

0 311

আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা । অসমৰ ভিতৰতে সৰ্বাধিক শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা বোকাখাতৰ এটা পৰীক্ষা কেন্দ্ৰ ৷ গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ অন্যতম শিক্ষানুষ্ঠান বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃহৎ পৰীক্ষা কেন্দ্ৰটোত বহিল ১২০০ ৰো অধিক পৰীক্ষাৰ্থী । বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত এইবাৰ একেলগে ২৪ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত । পৰীক্ষাৰ্থীৰ সংখ্যা মুঠ ১২০৫ গৰাকী ৷ ইয়াৰে ছাত্ৰ ৫৪৭ গৰাকী আৰু ছাত্ৰী ৬৫৮ গৰাকী ৷ ইয়াৰ ভিতৰত অসমীয়া মিডিয়ামৰ ১,০৩০ গৰাকী, ইংৰাজী মিডিয়ামৰ ১৫৯ গৰাকী আৰু হিন্দী মিডিয়ামৰ ১৬ গৰাকী ৷ শিক্ষাৰ্থী অধিক হোৱাৰ বাবে কেন্দ্ৰটোৰ কাষতে থকা নামদৈয়াং প্ৰাথমিক বিদ্যালয়, মুঙ্গীলাল কৃষ্ণাদেৱী বালিকা প্ৰাথমিক বিদ্যালয় আৰু বোকাখাত কেন্দ্ৰীয় বালিকা মধ্য ইংৰাজী বিদ্যালয় তিনিখনলৈ পৰীক্ষা কেন্দ্ৰ সম্প্ৰসাৰণ কৰিব লগীয়া হয় । ইফালে পৰীক্ষাৰ্থীক লৈ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ব্যাপক উৎসাহ আৰু উৎসুকতা অভিভাৱক সকলৰ মাজত । দুটা বছৰৰ ক’ভিড কালীন পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল ৷ ক’ভিড মহামাৰীৰ লহৰ শেষ হোৱাৰ পাছত আনুষ্ঠানিক ভাৱে আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক শুভেচ্ছা দিবলৈ আহি বোকাখাতত কেন্দ্ৰটোৰ বাহিৰত ভীৰ কৰিলে অভিভাৱকৰ লগতে বহু সংখ্যক লোকে । ইফালে এইবাৰ বোকাখাতৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত ৫ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈছে ৷ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২৩৯ গৰাকী ৷ ইয়াৰে ছাত্ৰৰ সংখ্যা ১২৮ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ১১১ গৰাকী ৷

বাতৰি যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷

Leave A Reply

Your email address will not be published.