XOBDO.ORG ভৱিষ্যদৰ্শন ২০২২-২৭” দস্তাবেজৰ ওপৰত আধাৰ কৰি পৰিকল্পনা কৰা প্ৰকল্পবোৰৰ বিষয়ে ১৩ মাৰ্চ তাৰিখে সন্ধিয়া ৭বজাত জুম(Zoom) মাধ্যমত অনুষ্ঠিত কৰ্মশালাত আলোচনা কৰা হয় । ‘শব্দ সংঘ’ৰ প্ৰচাৰ সম্পাদক ড° বুলজিৎ বুঢ়াগোহাঁয়ে আঁত ধৰা কৰ্মশালাখনত বিক্ৰম এম. বৰুৱা আৰু পল্লৱ শইকীয়াই প্ৰকল্পবোৰৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় । লগতে আগ্ৰহী স্বেচ্ছাসেৱক, উদ্যমী লোক, উদ্যোগী, গৱেষক, কৰ্মচাৰী আৰু আৰ্থিক পৃষ্ঠপোষক চিনাক্ত কৰাৰ অৰ্থে প্ৰস্তুত কৰা প্ৰশ্নাৱলী ৰাইজলৈ আগবঢ়ায় । এই কৰ্মশালাৰ আলোচনাটো ‘শব্দ সংঘ’ৰ ইউটিউব চেনেল (https://www.youtube.com/user/xobdotv/videos)ত আগ্রহীসকলে চাব পাৰিব । এই কৰ্মশালাত দেৱজিৎ ভৰালী, অঞ্জনা বৰদলৈ, তাৰা ভূঞা , পংকজ কুমাৰ দত্ত , সমাদৃতা গোস্বামী, দিব্যজ্যোতি বৰগোহাঁই, ড° পুণ্য লতা গোহাঁই, প্রশান্ত বৰা আদিয়ে গঠনমূলক পৰামৰ্শ আগবঢ়ায় ।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ