কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত ধাৰাপুৰৰ তালুকভৱনত আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস উপলক্ষে এক সভা অনুষ্ঠিত কৰা হয়। মাজিৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যয়ে সভাপতিত্ব কৰা এই সভাত জিলা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া- বৰ্গৰ উপৰি গৰল, আজাৰা, ধাৰাপুৰ আদি গাঁও পঞ্চায়তৰ সভাপতি- সম্পাদক আৰু ভালে-সংখ্যাক স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত আন আন বিশিষ্ট বক্তাৰ উপৰি যোগান পৰিদৰ্শক সুভাষ কুমাৰ শৰ্মাই গ্ৰাহক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে গ্ৰাহকসকলক নিজৰ অধিকাৰ সম্পৰ্কে সজাগ কৰি দিয়াৰ উদ্দেশ্যে প্ৰত্যেক বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত এই দিৱস উদযাপন কৰা হয়।কোনো সামগ্ৰী কিনা বা মূল্যৰ বিনিময়ত কোনো সেৱা লাভ কৰা সময়ত গ্ৰাহক কোনো কাৰণত প্ৰতাৰিত হলে,তেও বিভিন্ন আইনী সাহাৰ্য লাভ কৰিব পাৰে। চৰকাৰে ব্যৱস্থা কৰা Fair digital finance ৰ ব্যবস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নগদ লেন -দেনৰ পৰা পাৰ্যমানে আঁতৰি থাকিবলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ