অসম বুক অৱ ৰেকৰ্ডচৰ কনিষ্ঠতম গল্প পুথি লিখোতা হিচাপে স্বীকৃতি লাভ কৰিলে ধৃতিদীপাই

0 298

ধেমাজিৰ মাটিখোলা গাঁৱৰ নিবাসী তথা সমাজ সেৱক নৱজ্যোতি দত্ত আৰু চিলাপথাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তুলতুল ফকনৰ কন্যা , ধেমাজি মাৰ্দাচ প্ৰাইদ স্কুলৰ পঞ্চম শ্ৰেনীৰ ছাত্ৰী, ধেমাজি অংকুৰ মইনা পাৰিজাতৰ মইনা ধৃতিদীপা দত্তই সদ্য প্ৰকাশিত স্ব-লিখিত গল্প সংকলন ‘গছ কটা মানুহজন” ৰ বাবে Assam Book of Recordsয়ে কনিষ্ঠ তম গল্প পুথি লিখোতা হিচাপে স্বীকৃতি লাভ কৰিছে।
কিশোৰী ধৃতিদীপা দত্তক অহা ১ মাৰ্চত গুৱাহাটীৰ বৰঝাৰস্থিত সূৰ্যলক্ষ্মী গ্যেষ্ট হাউচত বিভিন্ন ক্ষেত্ৰত দক্ষতা প্ৰদৰ্শন কৰা ৬ গৰাকী শিশু আৰু কিশোৰী সৈতে অসম বুক অৱ ৰেকৰ্ডচৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব ৷ জানিব পৰা মতে ধৃতিদীপাই ৭ বছৰ বয়সৰ পৰাই লিখা কবিতা-গল্প আদি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাই আহিছে।

Leave A Reply

Your email address will not be published.