ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমৈহতিয়া সংগঠন অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ পশ্চিম ৰামচাৰাণি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি শিশু কিশোৰৰ মানসিক বিকাশৰ বাবে লবলগীয়া যতন বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় । দিলীপ বৰুৱা স্মৃতি ন্যাস সমিতিৰ সৌজন্যত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী আৰু শিক্ষক- শিক্ষয়ত্ৰী উপস্থিত থাকে । আনহাতে অসম মহিলা অভিযন্তা সংস্থাৰ সভানেত্ৰী মৃদুলা দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনৰ আঁত ধৰে সম্পাদিকা অন্তৰা বৰুৱাই। সভাত বিশিষ্ট বক্তা হিচাপে ভাগ লৈ জ্যেষ্ঠ মনস্তত্ত্ববিদ তথা মনোবিজ্ঞানী লয়া আগৰৱালাই ভাষণ প্ৰসংগত উপস্থিত ছাত্ৰ – ছাত্ৰীসকলক মানসিক শক্তি অক্ষুণ্ণ ৰাখি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাকে ধৰি জীৱনৰ ঘাট – প্রতিঘাট সমুহ কিদৰে অতিক্ৰম কৰিব পাৰি তাৰ কৌশল সমুহ সুন্দৰকৈ দাঙি ধৰে। সভাত সংস্থাৰ কোষাধক্ষ্য কৃষ্ণা শৰ্মা , সদস্যা মঞ্জুলা শইকীয়া ভূঞা , নাফিজা হাজৰিকা বৰবৰা আৰু নমিতা শৰ্মা, বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক কলিতাই চমু ভাষণ প্ৰদান কৰে। সভাৰ লগত সংগতি ৰাখি বিশিষ্ট বক্তা আৰু ছাত্ৰ – ছাত্ৰীসকলৰ মাজত এক অন্তৰংগ আলাপৰ আয়োজন কৰা হয়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan