অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক সজাগতা সভা

0 34

গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত অলপতে কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ আনহাতে অসম মহিলা অভিযন্তা সংস্থাৰ সভানেত্ৰী মৃদুলা দাস ,সম্পাদিকা অন্তৰা বৰুৱা, জ্যেষ্ঠ সদস্যা নয়ন ভাণ্ডাৰী শৰ্মা , সুৰেয়া জাহান , লাৱণ্য পদ্মপতি বৰুৱা প্ৰমুখ্যে সংস্থাৰ বিষয়ববীয়া, সদস্যাসকলৰ উপৰিও গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা গুণলতা চহৰীয়াকে ধৰি শিক্ষক – শিক্ষয়িত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকলৰ উপস্থিতিত অনুস্থিত হোৱা সভাখন ৰাষ্ট্ৰীয় সংঙ্গীতৰে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সংস্থাৰ সভানেত্ৰী মৃদুলা দাসৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লৈ অসম অভিযান্ত্ৰিক মহাবিদ্যিলয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা সংস্থাৰ জ্যেষ্ঠ সদস্যা ডঃ বিভা দাস শইকীয়াই ভাষণ প্ৰসংগত কাৰিকৰী আৰু বৃত্তিগত শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিশদভাৱে বাখ্যা কৰে ৷ভাষণৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰী সকলৰ লগত এক অন্তৰংগ বাৰ্তালাপ অনুষ্ঠানত অনুষ্ঠিত হয়৷ অনুষ্ঠানত সংস্থাৰ জ্যেষ্ঠ সদস্যা সুৰেয়া জাহানেও ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক বহুমূলীয়া ভাষণ আগবঢ়ায় ৷সভাত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা গুণলতা চহৰীয়াই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে অসম মহিলা অভিযন্তা সংস্থাই কৰা প্ৰয়াসৰ শলাগ লয়। শেষত শলাগৰ শৰাই আগবঢ়ায় সংস্থাৰ কোষাধ্যক্ষা কৃষ্ণা শৰ্মাই ।অসমৰ জাতীয় সংগীত পৰিবেশনৰে সভাৰ সামৰণি পৰে।

Leave A Reply

Your email address will not be published.