অসম-মেঘালয় আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ বাবে মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনা দুয়োখন চৰকাৰ স্থিতাৱস্থাৰ পৰা সমাধানত উপনীত হোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ-মুখ্যমন্ত্ৰী ড° শৰ্মা

0 205

অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা বিবাদ সৌহাৰ্দ্যপূৰ্ণ ভাৱে সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি শ্বিলঙৰ মেঘালয় সচিবালয়ৰ যোজনা ভৱনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে দ্বীপাক্ষিক আলোচনাত মিলিত হয়।বৈঠকত দুয়োখন চৰকাৰৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়া সকলো উপস্থিত আছিল। আলোচনা কালত মেঘালয়ৰ চৰকাৰে ১২ টা বিবদমান স্থান ৰাজ্য খনৰ অন্তৰ্গত অঞ্চল বুলি দাবী কৰাৰ বিপৰীতে অসম চৰকাৰেও সেই ঠাইবোৰ অসমৰ বুলি দাবী কৰি সেই সংক্ৰান্তীয় নথিপত্ৰ বৈঠকত দাঙি ধৰে।
বিতং আলোচনাৰ অন্তত দুয়োখন চৰকাৰে এক বাস্তৱিক দৃষ্টিভংগী অৱলম্বন কৰাৰ লগতে স্থিঅৱস্থাৰ পৰা সমস্যাটোৰ এক সমাধান সূত্ৰত উপনীত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।উল্লিখিত সমগ্র ১২ টা বিষয়ে এটা এটাকৈ আলোচনা কৰি সংশ্লিষ্ট দাবীবোৰ পৰ্যালোচনা কৰিবলৈ উভয় পক্ষ সন্মত হয়। সম্ভৱস্থলত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে এই ১২ টা স্থান ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি মুখ্যমন্ত্ৰী শৰ্মাই অহা ৬ আগষ্টত মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাক গুৱাহাটীত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনায়।আজিৰ এই আলোচনাৰকালত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,মুখ্যমন্ত্ৰী প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু আয়ুক্ত সচিব জি ডি ত্ৰিপাঠীও উপস্থিত আছিল।আনহাতে মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰী সৈতে মুখ্য সচিব এম এছ ৰাও,অতিৰিক্ত মুখ্য সচিব আৰু ভি চুচিয়াং ,আয়ুক্ত সচিব আৰ লিংডো আৰু গৃহ আৰু ৰাজনৈতিক সচিব চি ডি ডিয়েংডো উপস্থিত আছিল।
আলোচনাৰ পিছত সংবাদ মাধ্যমৰ লোক সকলৰ সৈতে বার্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ আলোচনা অত্যন্ত ফলপ্ৰসূ আছিল।উমৈহতীয়া বুজাবুজিত উপনীত হোৱাৰ লগতে ইতিবাচক মানসিকতাৰে আগবাঢ়ি সীমা বিবাদ সমাধান অৰ্থে দুয়োখন চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও তেওঁ দোহাৰে।মুখ্যমন্ত্ৰী লগতে কয় যে বিবদমান স্থান সমূহৰ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ উমৈহতীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি আলোচনা আৰু পৰ্যালোচনা কৰা হ’ব যাতে এই ক্ষেত্ৰত স্থায়ী সমাধানত উপনীত হ’ব পৰা যায়। মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই অসমৰ মুখ্যমন্ত্ৰী শৰ্মাক তেওঁৰ এই ভ্ৰমণৰ লগতে আলোচনাৰ জৰিয়তে সীমা বিবাদ সমাধান অৰ্থে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় যে যিহেতু এই দীৰ্ঘদিনীয়া অমীমংসিত সমস্যা, সেয়েহে দুয়োখন ৰাজ্যৰ বাবে এক গ্ৰহণযোগ্য সমাধানত উপনীত হোৱাৰ বাবে অধিক প্ৰয়োজন হ’ব।

Leave A Reply

Your email address will not be published.