অসম সমিতি চেন্নাইৰ উদ্যোগত ৰঙালী বিহু উদযাপন

0 377

অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো।

প্ৰতি বছৰৰ দৰেই এইবাৰো অসম সমিতি চেন্নাইৰ উদ্যোগত উলহ-মালহেৰে চেন্নাইবাসী অসমীয়া সকলে শিৰাই শিৰাই বৈ থকা ৰঙালী বিহুটি তথা অসমীয়া নৱবৰ্ষ উদযাপন কৰে।
বঙ্গোপসাগৰৰ পাৰতো যাতে লুইতপৰীয়া বিহুৰ কিছু অনুভৱ আমি কৰিব পাৰে সেই উদ্দেশ্যে blue Lagoon beach resort ত বিহুৰ আয়োজন কৰা হয়।

বিহুৰ কাৰ্যসূচী বাৰেৰহনীয়া আছিল।বিয়লি ৩ বজাত registration desk মুকলি কৰা হয়।তাৰ পিছতে বিহুৰ ৰং ধেমালি অনুষ্ঠান পৰম্পৰাগত কণী যুঁজৰ লগতে অন্যান্য আমোদজনক খেল,তাৰ পিছতে বিহুৰে বিৰিণা পাতে সমনীয়া অনুষ্ঠান কণমানি হঁতক বিহুৰ পৰম্পৰা শিকাবৰ বাবে গৰু বিহুৰ চাট সজা কাৰ্যসূচী, অসম আমাৰ ৰূপহী শীৰ্ষক এক কুইজ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পিছত বিহুৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই বন্তি প্ৰজ্বলনেৰে সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভণি কৰা হয়।

শিশুসকলৰ সমবেত বৰগীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয় বিভিন্ন গীত -মাত,নৃত্যৰে বিহুতলীত এক সুন্দৰ পৰিৱেশ। স্হানীয় বিধায়ক এচ. অৰবিন্দ ৰমেশে বিশিষ্ট অতিথি হিচাপে যোগদান কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।ইয়াৰ পিছত প্ৰীতি ভোজেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

Leave A Reply

Your email address will not be published.