বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ-মে’ মাহত আংশিকভাৱে মুকলি কৰা হ’ব উত্তৰ গুৱাহাটী পানী যোগান আঁচনি, জুন মাহত খোৱাপানী লাভ কৰিব দক্ষিণ-মধ্য গুৱাহাটীৰ অতিৰিক্ত ৬ সহস্ৰাধিক পৰিয়ালে

0 134

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী জল ব’ৰ্ডৰ অধীনত হাতত লোৱা শেহতীয়া কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

উত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰকল্পটোৰ মুঠ পাঁচটা ডিষ্টিক্ট মিটাৰ্ড এৰিয়া (ডি এম এ)ৰ ভিতৰত তিনিটাই সাজু হৈ উঠিছে আৰু বাকী দুটাৰ কামো অতি সোনকালেই সম্পূৰ্ণ হৈ উঠিব।ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ মাহটোতে,অৰ্থাৎ অহা মে’ মাহৰ ভিতৰত উত্তৰ গুৱাহাটী পানী যোগান আঁচনি আংশিকভাৱে মুকলি কৰা হ’ব বুলি আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

এই প্ৰকল্পৰ শুভাৰম্ভই উত্তৰ গুৱাহাটীৰ এক বিস্তীৰ্ণ অঞ্চলৰ প্ৰায় ৭০৪২ টা পৰিয়ালক খোৱাপানী যোগান ধৰিবলৈ সক্ষম হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। পানী উপলব্ধ এই এলেকাসমূহত খোৱাপানীৰ ঘৰুৱা সংযোগৰ সুবিধা লোৱাৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ উত্তৰ গুৱাহাটীবাসী ৰাইজৰ প্ৰতি আহ্বান জনায়৷

আনহাতে দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী পানী যোগান আঁচনিৰ অধীনৰ লিচুবাগান ৰিজাৰ্ভাৰো অহা জুন মাহৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি আজিৰ বৈঠকত বিভাগীয় বিষয়াসকলে মন্ত্ৰীগৰাকীক অৱগত কৰে। এই প্ৰকল্পৰ অধীনত অতিৰিক্ত ৮ টা ডি এম এ জুন মাহত কাৰ্যকৰী হৈ উঠিলে ৬ হাজাৰৰো অধিক পৰিয়ালত খোৱাপানী যোগান ধৰিব পৰা যাব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

মন্ত্ৰী সিংহলে আজি বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ অন্যান্য প্ৰকল্পসমূহৰ কাম-কাজৰো বুজ লয় আৰু ৰূপায়ণকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে কৰ্তব্যত নিয়োজিত ঠিকাদাৰসকলক কাম-কাজৰ দ্ৰুত ৰূপায়ণৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷

Leave A Reply

Your email address will not be published.