অসম সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ১৬ জুলাইৰ পৰা ২০ জুলাইলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হয় । আনহাতে ৪ ৰ পৰা ১৮ বছৰ বয়সৰ ১৪৭ জন ছাত্ৰ – ছাত্ৰীয়ে ভাগ লোৱা কৰ্মশালাখনত কলা আৰু কাৰুশিল্প, পৰম্পৰাগত গীত (কণ্ঠ), আৰু যোগ তথা ধ্যান আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল। ১৬ জুলাইত কৰ্মশালাখন উদ্ধোধন কৰে অসম সাংস্কৃতিক ন্যাসৰ সামাজিক – সাংস্কৃতিক সমিতিৰ অধ্যক্ষ খালিদ ওমৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসমৰ প্ৰখ্যাত লোকশিল্পী জিনা ৰাজকুমাৰীয়ে ভাষণ প্ৰসংগত এনে ধৰণৰ কৰ্মশালাই শিশু আৰু ছাত্ৰ – ছাত্ৰীৰ মাজত থকা সৃজনশীল প্ৰতিভা সমুহক বিকশিত কৰাত সহায় কৰিব বুলি আশা ব্যক্ত কৰি আয়োজক সকলৰ শলাগ লয়। আনহাতে ২০ জুলাইৰ দিনা সন্ধিয়া অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক তথা অসম সাংস্কৃতিক ন্যাসৰ সম্পাদক ৰাহুল চন্দ্ৰ দাসে ভাষণ প্ৰসংগত কৰ্মশালাত অংশগ্ৰহণ কৰা শিশুসকলক উদ্দেশ্যি এক অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰি শিশুসকলক সৃষ্টিশীলতা, শিক্ষা আৰু নিজৰ সাংস্কৃতিক শিপাৰ প্ৰতি গৌৰৱান্বিত হ’বলৈ আহ্বান জনায়। আনহাতে ন্যাসৰ যুটীয়া সম্পাদক ইফটিকাৰ আলীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত ন্যাসৰ সামাজিক – সাংস্কৃতিক সমিতিৰ উপদেষ্টা বলিন বৰদলৈ, অধ্যক্ষ খালিদ ওমৰ, উপাধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাসে চমু ভাষণত কৰ্মশালাত ভাগ লোৱা ছাত্ৰ – ছাত্ৰী আৰু প্রশিক্ষক সকলক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত কৰ্মশালাত ভাগ লোৱা ছাত্ৰ – ছাত্ৰী সকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সাধাৰণ সম্পাদক অৰূপ গোস্বামীয়ে ।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন