অসমীয়া ভাষা সাহিত্যলৈ বাপ্টিষ্ট মিছনেৰী সকলৰ অৱদান অতুলনীয় । অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত অৰুণোদয় আলোচনীৰ জৰিয়তে বাপ্টিষ্ট সকলে যি পদক্ষেপ গ্ৰহণ কৰিছিল তাক অসমীয়া সমাজে কেতিয়াও পাহৰিব নোৱাৰে। আনহাতে অসমীয়া ভাষা কেৱল মাত্ৰ মাতৃভাষা নহয় ই হৈছে আমাৰ সভ্যতা , সংস্কৃতি এই কথা আজি এক গ্ৰন্থ উন্মোচনী সভাত ব্যক্ত কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে।উল্লেখযোগ্য যে ১৮৪৫ চনৰ ২৫ জানুৱাৰীত নাথান ব্ৰাউন, মাইলছ ব্ৰন্ ছন আৰু চাইৰাচ বাৰ্কাৰে শিৱসাগৰ, গুৱাহাটী আৰু নগাঁওত প্ৰতিষ্ঠা কৰা বাপ্তিষ্ট মণ্ডলীৰ ১৭৫ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান উপলক্ষে ২৫ অক্টোবৰ শুক্ৰবাৰে গুৱাহাটীৰ বাপ্তিষ্ট সকলে বৰ্ষপূতি অনুষ্ঠান ৰূপায়ন কৰিব। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাৱত লিখক তথা পালক আজিজুল হকৰ ‘অৱদান’ শীৰ্ষক গ্ৰন্থ খন আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়।অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দয়ানন্দ পাঠক আৰু অসম শিল্পী সন্মিলনৰ সচিব কৈলাশ শৰ্মা। নিজৰ ভাষণ প্ৰসংগত ডঃ পাঠকে অৰুণোদয় যুগৰ ভাষা সাহিত্যৰ লগতে অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ওপৰতো বক্তব্য ৰাখে।আনহাতে লিখকৰ ভাষণ প্ৰসংগত পালক হকে কয় যে ১৮৩৬ চনত অসমৰ পৰা অসমীয়া ভাষা আঁতৰাই বাংলা ভাষা প্ৰৱৰ্তন কৰাৰ পিছত অসমত যি পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু পৰৱৰ্তী অসমীয়া ভাষা পুনৰ উদ্ধাৰৰ বাপ্তিষ্ট সকলৰ যি অৱদান আগবঢ়ালে লগতে অসমীয়া ভাষাক যি এক মাত্ৰা প্ৰদান কৰিলে সেই কথাক সন্মান জনাই গ্ৰন্থ খনৰ নাম অৱদান ৰখা হ’ল।
Trending
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ