ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স ষ্টাডি এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টি , গুৱাহাটীৰ উদ্যোগত হোটেল ৰেডিচন ব্লুত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখনৰ আজি সামৰণি পৰে । ভাৰত চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ আৰ্থিক পৃষ্ঠপোষকতাত অনুষ্ঠিত “উত্তৰ পূৱৰ প্ৰতিষ্ঠান সমূহৰ গৱেষক সকলৰ বাবে গৱেষণা আৰু উন্নয়ন পুঁজিৰ সুযোগ” বিষয়ক কৰ্মশালাখন উদ্ধোধন কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । এই উপলক্ষে আই এ এছ এছ টিৰ সহযোগী অধ্যাপিকা ডঃ মুনিমা বি চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ সচিব অধ্যাপক সন্দ্বীপ বাৰ্মা , বিশিষ্ট অতিথি হিচাপে পৰিচিত আই আই টি ,গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰাম , যোৰহাটস্থিত চি এছ আই আৰ – এন ই আই এছ টিৰ সঞ্চালক অধ্যাপক জি নৰহৰি শাস্ত্ৰী উপস্থিত থাকে । আনহাতে দুদিনীয়া কৰ্মশালাৰ লগত সংগতি ৰাখি মুঠ পাঁচখন আলোচনা সত্ৰ অনুষ্ঠিত হয় । আলোচনা সত্ৰ সমূহত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰায় ১০০ গৰাকী গৱেষকে ভাগ লয় । ইয়াৰে কেবাগৰাকী গৱেষকে নিজৰ নিজৰ গৱেষণা পত্ৰ পাঠ কৰে । আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত কৰ্মশালাত ভাগ লোৱা গৱেষক সকলৰ মাজত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰা হয় ।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত