আউনীআটী সত্রৰ অতিথিশালা উদ্বোধন

0 422

জ্ঞান হৈছে অভিজ্ঞতাৰে আহৰণ কৰা মহাশক্তি। সেইবাবে জ্ঞানৰ দ্বাৰা আহৰণ কৰা শক্তি কৰ্মলৈ ৰুপান্তৰ কৰিব লাগিব। ভাল মনৰ গৰাকী হ’বলৈ আধ্যাত্মিক শক্তিৰ প্ৰয়োজন। আমাৰ উঠি অহা প্ৰজন্মই আধ্যাত্মিক চেতনাই মানৱীয় প্ৰমূল্যবোধক প্ৰসাৰ ঘটাব লাগিব। এই মন্তব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ। আজি উত্তৰ গুৱাহাটীস্থিত আউনীআটী শাখা সত্রৰ অতিথিশালা উদ্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে এনেদৰে কয় আউনীআটী সত্রই জাতীয় জীৱনৰ চেতনা প্ৰবাহত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰ দেৱৰ আদৰ্শৰে আমি আগুৱাব লাগিব। লগতে আউনীআটী সত্রই ধিঙৰ ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্রত ভূমিদান কৰাৰ বাবে প্ৰশংসা কৰে। আউনীআটী সত্রৰ সত্রাধিকাৰ পিতাম্বৰদেৱ গোস্বামীয়ে আদৰণি ভাষণ আগবঢোৱা অনুষ্ঠানত বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.