২৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা কৰিলে সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
আজি সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত জনতা ভৱনৰ তেখেতৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত অহা ২৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা কৰা হয়। বিভিন্ন উপ-সমিতিৰ দায়িত্বত থকা জ্যেষ্ঠ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত উক্ত অনুষ্ঠানৰ চূড়ান্ত প্ৰস্তুতিৰ বিতং পৰ্যালোচনা কৰা হয়। বৈঠকত পৰিবহন, আপ্যায়ন, স্মৃতিগ্ৰন্থ আদিৰ লগতে অনুষ্ঠানৰ সৱিশেষ প্ৰস্তুতিৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে বুজ লোৱাৰ লগতে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠান যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ বাবে সকলো বিষয়াকে আহ্বান জনায়। উল্লেখ্য যে ১৯২৫ চনৰ ২৯ আগষ্টত জন্ম গ্ৰহণ কৰা এই মহান নেতাগৰাকীয়ে ১৯৬৮ চনত অসমৰ পৰা ৰাজ্য সভালৈ বিৰোধী পক্ষৰ প্ৰথম গৰাকী সদস্য হিচাপে নিৰ্বাচিত হৈ সংসদৰ মজিয়াত দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ সমস্যা সাৱলীল তথা শক্তিশালী ৰূপত দাঙি ধৰিছিল। জৰুৰীকালীন অৱস্থাৰ পাছত প্ৰয়াত গোলাপ বৰবৰা নেতৃত্বাধীন জনতা দলে কংগ্ৰেছক ক্ষমতাচ্যুত কৰি প্ৰথম গৰাকী অসমৰ অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি অসমৰ ৰাইজৰ কল্যাণৰ দিশত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
আজিৰ এই পৰ্যালোচনা বৈঠকত পৰিবহন বিভাগৰ প্ৰধান সচিব জি.ডি. ত্ৰিপাঠী, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম. এচ.মনিৱন্নন, বিত্ত বিভাগৰ সচিব পাৱাৰ নৰসিং সম্ভাজী, পৰিবহন বিভাগৰ আয়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰা, শক্তি বিভাগৰ সচিব যাদৱ শইকীয়াকে ধৰি প্ৰস্তুতিৰ লগত জড়িত জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।