আজাৰবাইজান গণৰাজ্য ৰাষ্ট্ৰদূত ডক্টৰ আশ্ৰফ শিখালিয়েভে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত সাক্ষাত কৰি অসমৰ আৰু আজাৰবাইজানৰ পৰস্পৰ স্বাৰ্থ জড়িত বিভিন্ন বিষয় সামৰি আলোচনা কৰে।অসমৰ চাহ উদ্যোগে বহন কৰা বৃহৎ সম্ভাৱনীয়তা প্ৰতি লক্ষ্য ৰাখি আজাৰবাইজানৰ ৰাষ্ট্ৰদূত গৰাকীয়ে অসমৰ চাহ খণ্ডত তেওঁৰ দেশ বিনিয়োগৰ বাবে আগ্ৰহী বুলি মত প্ৰকাশ কৰাৰ লগতে সেই দেশৰ উপভোক্তা সকলৰ বাবে অসমৰ চাহ আমদানিৰ ওপৰতো দেশখন আগ্ৰহী বুলি কয়।আজাৰবাইজান বৃহৎ সমাদৰ লাভ কৰিব বুলিও কয়।ৰাষ্ট্ৰদূত গৰাকীয়ে তথ্য প্ৰযুক্তি আৰু পৰ্যটন এই দুয়োটা খণ্ডতে অসম আৰু আজাৰবাইজানে উমৈহতীয়াভাৱে কাম কৰাৰ যথেষ্ট থল আছে বুলিও মত প্ৰকাশ কৰে।অসমত থকা ব্যৱসায় বাণিজ্যৰ বৃহৎ সম্ভাৱনীয়তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োটা ভূখণ্ডৰ প্ৰতিনিধিয়ে পৰস্পৰে দুয়োটা ভৌগোলিক এলেকা পৰিদৰ্শন কৰি এই দিশত সুফল লাভ কৰা সম্ভাৱনীয়তা আছে বুলি কয়।ৰাজ্যখনৰ আমিষ আৰু নিৰামিষ আহাৰৰ বিবিধতাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি মুখ্যমন্ত্ৰীয়ে আজাৰবাইজানৰ ৰাষ্ট্ৰদূত গৰাকীক তেওঁলোকৰ দেশৰ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে পুনৰ অসম ভ্ৰমণ কৰাৰ বাবেও আমন্ত্ৰণ জনায়।ৰাজ্যখনৰ জনসাধাৰণৰ আতিথ্যৰ দিশত থকা আন্তৰিকতাৰ শলাগ লৈ আজাৰাবাইজানৰ ৰাষ্ট্ৰদূত গৰাকীয়ে দুয়োটা ভৌগোলিক এলেকাৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।ৰাষ্ট্ৰদূত গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ দেশ ভ্ৰমণ কৰাৰ বাবেও আমন্ত্ৰণ জনায়।আজি এই সাক্ষাত সময়ত মন্ত্ৰী তপন কুমাৰ গগৈ,আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত থাকে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন