আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন

0 252

দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাঙ্গীন উন্নয়ণ চমুকৈ মৈত্ৰী আঁচনিৰ অধীনত আজি মহানগৰীৰ আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভৱনটো উদ্বোধন কৰি অনুষ্ঠিত হোৱা সভাত মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে ভাল মানুহক মৰ্যদা সহকাৰে জীয়াই থকাত আৰক্ষীয়ে সহায় কৰিছে। অসম আৰক্ষীৰ বলিষ্ঠ পদক্ষেপৰ বাবে ভাৰতবৰ্ষত এক সুকীয়াস্থান দখল কৰিবলৈ সক্ষম হৈছে। মৈত্ৰী হৈছে মিত্ৰতা বা একতা। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম লোকসকলক একত্ৰিত কৰাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো। আৰক্ষীয়ে সৰ্বসাধাৰণ নাগৰিকক পোনপতীয়াভাৱে সেৱা কৰিবলৈ সুবিধা পায়। অপৰাধীয়ে যাতে সুযোগ ল’ব নোৱাৰে লগতে আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ সুনাম যাতে বজাই ৰাখে তাৰ বাবে আৰক্ষীক ৰাইজৰ সহযোগত নিষ্ঠাৰে কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। সভাত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই জনসাধাৰণ সৈতে ভাল ব্যৱহাৰ, নিৰ্ভিকতা প্ৰদান ইত্যাদি ইত্যাদি ব্যৱস্থা কৰাতো আৰক্ষীৰ দায়িত্ব, কিন্তু ৰাইজেও আৰক্ষীক সহায়-সহযোগিতা কৰিব লাগিব তেতিয়াহে আৰক্ষীয়ে অঞ্চলটো এক সুস্থিৰ পৰিবেশ গঢ়ি তুলি পাৰিব। সভাত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে আদৰণী ভাষণত প্ৰথম পৰ্যায়ত ৭৩ খন থানা আৰু আবাস গৃহৰ উন্নত মানৰ কাম চলি থকা বুলি কৈ এই থানা সমূহত মহিলা আৰু শিশুৰ বাবে অতিৰিক্ত কোঠা, পুৰুষ আৰু মহিলা পৃথকে পৃথকে জিৰণী কোঠা, বিশুদ্ধ খোৱা পানী লগতে সকলো ধৰণৰ সুবিধা উপলব্ধ হ’ব বুলি উল্লেখ কৰে। সভাত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উপস্থিত থাকি অসম-মেঘালয় সীমান্ত মাটাইখাৰ অঞ্চলত এখন আৰক্ষী চকী স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে চাইবাৰক্ৰাইম প্ৰতিৰোধ উন্নতি প্ৰযুক্তিৰ বাবে ইজৰাইলৰ লগত আলোচনা অব্যাহত আছে বুলি কৈ অতি সোণকালে এইক্ষেত্তত্ৰ চুক্তি সম্পাদনা হ’ব বুলিও উল্লেখ কৰে। অনুষ্ঠানত আজাৰ নাগৰিক সমাজৰ সভাপতি চন্দকান্ত দাসে ৰাইজৰ হৈ ভাষণ প্ৰদান কৰি নৱনিৰ্মিত আজাৰা থানা অত্যাধুনিকভাৱে গৃহ সমূহ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিয়াত অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। সভাত গুৱাহাটী লোকসভা সাংসদ কুইন ওজা, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, গৃহ বিভাগৰ অতিৰিক্তি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী গৃহ নিৰ্মাণৰ অধ্যক্ষ অনিল কুমাৰ ঝা, মূখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ শেষত গুৱাহাটী মহানগৰ পশ্চিম প্ৰান্তৰ অতিৰিক্ত উপায়ুক্ত খনীন্দ্ৰ কুমাৰ চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায়।খবৰ যুগুতালে মিৰ্জাৰ পৰাাজিতুমণি দাসে ..  

Leave A Reply

Your email address will not be published.