আজিৰে পৰা আৰম্ভ হৈছে বিদ্যালয় মহাবিদ্যালয়ত পাঠদান

0 237

আজিৰে পৰা পুনৰ আৰম্ভ হৈছে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় সমূহত পাঠদান।স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা আৰু ক’ভিড প্ৰট’কলৰ মাজেৰে শিক্ষানুষ্ঠান সমূহত পাঠদান আৰম্ভ  হৈছে।
 
 
ইতিমধ্যে শিক্ষানুষ্ঠান সমূহৰ শ্ৰেণীকোঠা আৰু চৌহদ ছেনিটাইজ কৰা হৈছে। পাঠদান আৰম্ভ কৰা ক্ষেত্ৰত স্কুল কলেজকে ধৰি আন আন শিক্ষানুষ্ঠান সমূহত কি ধৰণৰ নীতি-নিৰ্দেশনা পালন কৰিব সেয়া নিৰ্ধাৰণ কৰি দিছে।সেই অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব পাঠদান।ইয়াৰ পৰিৱৰ্তে বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ নিৰ্দিষ্ট নিয়মৰ মাজেৰে কৰিব পাৰিব পাঠদান।শিক্ষা বিভাগে জাৰি কৰা এছ অ পি অনুসৰি উচ্চ প্ৰাথমিক,মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল সমূহত ষষ্ঠ, অষ্টম,দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰতি সপ্তাহত সোমবাৰ,বুধবাৰ, আৰু শুকুৰবাৰে কৰিব লাগিব।বিদ্যালয়ৰ মুৰব্বীয়ে কোনটো শ্ৰেণীৰ শিক্ষাৰ্থী কোন সময়ত আহিব সেয়া নিৰ্ধাৰণ কৰিব।
 
 

Leave A Reply

Your email address will not be published.