আজিৰে পৰা আৰম্ভ হৈছে বি টি চি নিৰ্বাচন

0 266

আজিৰে পৰা আৰম্ভ হৈছে বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন। ইতিমধ্যে পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে বিটিচিৰ ভোটগ্ৰহনৰ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত BTR ৰ বাক্সা আৰু ওদালগুৰি জিলাৰ মুঠ ২১টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহন অনুষ্ঠিত হ’ব।
১৩০ গৰাকী প্ৰাৰ্থীৰ বাবে ১৭৩৯ টা কেন্দ্ৰত ভোটগ্ৰহন হ’ব। ১৩,৬৩,১১৪ লাখ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। বাক্সাত আছে ৭,৪১,৯১৯ গৰাকী ভোটাৰ আৰু ওদালগুৰিত ৫,২১,২২৫ গৰাকী ভোটাৰ।বিটি আৰৰ চাৰিখন জিলাৰ ভিতৰত দুখন জিলাত অনুষ্ঠিত হ’ব ভোটগ্ৰহন।বাক্সা আৰু ওদালগুৰি মুঠ ৩ লাখ ১৫ হাজাৰ ৪৪৬ ভোটাৰে ভোটদান কৰিব লগীয়া এই নিৰ্বাচনৰ বাবে ১৪ টা মণ্ডলত ভাগ কৰি ৩৪ টা চেক্টৰ অফিচাৰ নিয়োগ কৰা হৈছে।

Leave A Reply

Your email address will not be published.