আজিৰে পৰা আৰম্ভ হৈছে মেট্রিক আৰু হাই মাদ্ৰাছা পৰীক্ষা।ৰাজ্যৰ মুঠ ৮৬০ টা কেন্দ্রত অনুষ্ঠিত হৈছে এই পৰীক্ষা।এই পৰীক্ষাত সৰ্বমুঠ ৩,৫৮,৪৫৩ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।ইয়াৰে ১,৬৭,৮৫০ জন ছাত্র আৰু ১,৯০,৬০৩ গৰাকী ছাত্রী।পূৰ্বৰ দৰে এইবাৰো পৰীক্ষা কেন্দ্রসমূহত চি চি টি ভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে।আনহাতে পৰীক্ষাৰ্থীৰ লগতে নিৰীক্ষককো মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।উল্লেখ্য যে প্ৰথমবাৰৰ বাবে পৰীক্ষা কেন্দ্রত পৰীক্ষাৰ্থীৰ সন্মুখতে দুজন পৰীক্ষাৰ্থীক সাক্ষী কৰি নিৰীক্ষকে প্ৰশ্নকাকত খুলিব।পূৰ্বতকৈ কঠোৰ হৈছে ছেবাৰ নিয়ম।নকল ধৰা পৰা পৰীক্ষাৰ্থীক বহিস্কাৰেই নহয় ৩ বছৰলৈ নিলম্বিত কৰা হ’ব বুলি ঘোষণা কৰিছে ছেবা কৰ্তৃপক্ষই।আনহাতে নকল কৰা পৰীক্ষাৰ্থীৰ লগতে পৰীক্ষা কেন্দ্রই হেমাহি কৰিলে চিৰদিনৰ বাবে বাতিল কৰিব পৰীক্ষা কেন্দ্র।ইয়াৰোপৰি এইবাৰৰ পৰীক্ষাত নীলা চিঞাহীৰ পৰিৱৰ্তে ক’লা চিঞাহীৰে লিখিব লাগিব পৰীক্ষাৰ্থীসকলে।তদুপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্রলৈ কেলকুলেটৰ,ঘড়ী,বেগ নিব নোৱাৰিব।প্ৰতিটো পৰীক্ষা কেন্দ্রত ১৪৪ ধাৰা জাৰি কৰা হৈছে।পৰীক্ষা কেন্দ্রৰ ৫০ মিটাৰৰ ভিতৰত থাকিব নোৱাৰিব কোনো ব্যক্তি।প্ৰতিটো স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্রত নিয়োগ কৰা হৈছে ফ্লায়িং স্কোৱাড।লগতে ২৫ টা কেন্দ্রত জামাৰ সংস্থাপন কৰা হৈছে।তদুপৰি দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে এঘণ্টা অধিক সময় প্ৰদান কৰা হ’ব।উল্লেখ্য যে মেট্ৰিক,হাই মাদ্ৰাছাৰ পৰীক্ষা সমূহ অহা ২৯ ফেব্ৰুৱাৰীলৈ চলিব।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন