আজিৰে পৰা মুকলি হ’ল কামাখ্যা মন্দিৰ

0 224

ভক্তৰ বাবে আজিৰে পৰা আকৌ মুকলি হ’ল কামাখ্যা মন্দিৰ।এক বিবৃতিৰ জৰিয়তে মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে পুৱা ৮ বজাত দেৱালয়ৰ চৌহদৰ প্ৰবেশদ্বাৰ মুকলি কৰি দিয়া হয় আৰু সূৰ্যাস্ত পৰ্যন্ত ভক্তসকলে প্ৰৱেশ কৰিব পাৰিব।
 
 
ক’ৰণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে মন্দিৰৰ ন ক’ৰণা পৰীক্ষাৰ বাবে শিবিৰ স্থাপন কৰিব।প্ৰতিগৰাকী ভক্তই ৰেপিড এন্টিজেন টেষ্ট কৰিহে প্ৰৱেশৰ বাবে অনুমতি লাভ কৰিছে বুলি জানিবলৈ দিয়ে।
 
 
একোগৰাকী ভক্তক মাত্ৰ ১৫ মিনিটৰ বাবেহে মন্দিৰ চৌহদত থকাৰ অনুমতি প্ৰদান কৰিছে।সজাগতামূলক ব্যৱস্থা হিচাপে থাৰ্মেল স্ক্ৰিনিং আৰু ছেনিটেচন চেম্বাৰৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ভক্ত সকলে মাস্ক পৰিধান কৰা সামাজিক দূৰত্ব মানি চলাতো বাধ্যতামূলক। ইয়াৰ পিছত জিলা প্ৰশাসনৰ লগত আলোচনা মৰ্মে মূল বিগ্ৰহ ভক্তৰ দৰ্শনৰ বাবে মুকলি কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।

Leave A Reply

Your email address will not be published.