আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল জি এছ ৰোডৰ দুখনকৈ পদপথৰ সেঁতু

0 252

গুৱাহাটীক দেখা যাব এতিয়া নতুন ৰূপত। গুৱাহাটীত আজি আনুষ্ঠানিক ভাৱে মুকলি হয় দুখন পদসেঁতু। এই সেঁতু দুখন উদ্বোধন কৰে বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।উল্লেখযোগ্য যে আজি উদ্বোধন কৰা সেঁতু দুখন জি এছ ৰোডৰ মিজোৰাম ভৱনৰ সমীপত আৰু মহিন্দ্ৰ শ্ব’ৰুমৰ সমীপত অৱস্থিত।মিজোৰাম ভৱনৰ সমীপত থকা পদসেঁতু খনৰ নিৰ্মাণত ব্যয় হৈছে ১০ কোটি ৬ লাখ ৭১ হাজাৰ টকা।আনহাতে মহিন্দ্ৰ শ্ব’ৰুমৰ সমীপত নিৰ্মাণ কৰা পদপথ পদসেঁতু খনত ব্যয় হৈছে মুঠ ৯ কোটি ৮৮ লাখ টকা।
সেঁতু দুখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি মন্ত্ৰী শৰ্মাই কয় যে এই গুৱাহাটী ক্লাৱৰ পৰা নুমমাটিলৈ প্ৰায় ৫.৩০ কিলোমিটাৰ দৈৰ্ঘ্য ৪ লেন উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ’ব। আনহাতে জু-ৰোড সংলগ্ন উৰণীয়া সেঁতু নির্মানো কৰা হ’ব।উল্লেখযোগ্য যে সমগ্র অসমতে প্ৰায় ৫২ খন উৰণীয়া সেঁতু কৰাৰ কথা তেখেতে ঘোষণা কৰে।এই সেঁতু দুখনৰ পৰা পদপথৰ যাত্ৰী সকলে পদপথ অতিক্ৰম কৰিবলৈ অসুবিধা নহ’ব বুলি তেখেতে আশা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.